ETV Bharat / state

বাক্সাৰ বগাজুলিত মৃত হাতীৰ পোৱালি উদ্ধাৰ - ভাৰত-ভূটান সীমান্তৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলিত মৃত হাতীৰ পোৱালি উদ্ধাৰ। সোমবাৰে নিশা জন্ম হৈছিল হাতী পোৱালিটোৰ।

বাক্সাৰ বগাজুলিত মৃত হাতীৰ পোৱালি উদ্ধাৰ

author img

By

Published : Oct 20, 2020, 11:13 AM IST

বাক্সা, ২০ অক্টোবৰ: সোমবাৰে নিশা বাক্সাৰ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলিত উদ্ধাৰ হয় এটা মৃত হাতীৰ পোৱালি। বিগত কেইবাবছৰ ধৰি ভূটান সীমান্তৰ বগাজুলি বনাঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে মুক্ত বিচৰণ কৰি আহিছে। বহু সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱো চলায়। ৰঙিয়া-ভূটান পথ অৱৰোধ কৰাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে। হাতীৰ জাকটোৱে পথাৰৰ ধান খাই তহিলং কৰে।

জানিব পৰা মতে,কিছুদিন পূৰ্বে গাভিনী হাতী আহত হৈ বৃহৎ জাকটোৰ পৰা ফালৰি কাটি মেনকা চাহ বাগিচাত আশ্ৰয় লৈ আছিল। সোমবাৰে নিশা এটা মৃত পোৱালি জন্ম দিয়ে। আনহাতে,খবৰ দিয়াৰ পিছতো বৰ্তমানলৈকে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ লোক উপস্থিত হোৱা নাই বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক:সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী নেমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.