বাক্সা, ১৪ আগষ্ট: ৰাজ্যজুৰি উদযাপন 75 সংখ্যাক স্বাধীনতা দিৱস (Independence Day)৷ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আহ্বান মতে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশজুৰি উদযাপন কৰা হৈছে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী ৷ দেশৰ লগতে অসমতো ইয়াৰ লগত সংগতি ৰাখি ঠায়ে ঠায়ে গ্ৰহণ কৰা হৈছে ব্যাপক কাৰ্যসূচী ৷
'ঘৰে ঘৰে ত্ৰিৰংগ পতাকা' কাৰ্যসূচীৰ অংশস্বৰূপে ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মুছলপুৰ জিলা ইউপিপিএল দলে বৰমাত এক সজাগতামূলক ৰেলী উলিওৱা পৰিলক্ষিত হয় (Awerness Rally by UPPL) ৷ এই সজাগতামূলক ৰেলীত সহস্ৰাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
উক্ত কাৰ্যসূচীত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ই.এম. ৰাকেশ ব্ৰহ্মই অংশ গ্ৰহণ কৰি কয় যে, ১৫ আগষ্টৰ পিছত কোনো লোকে যাতে জাতীয় পতাকাখনক অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলোকে নিজৰ নিজৰ পতাকাখনক সযতনে ৰাখি থৈ দিবলৈ আহ্বান জনায় ।
প্ৰায় দুহাজাৰ দলীয় কৰ্মী তথা সমৰ্থকে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ হৰ ঘৰ ত্ৰিৰংগা, বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি দেশপ্ৰেমমূলক শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে । আজিৰ এই কাৰ্যসূচীত ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সভাপতি নৃপেন বড়ো, সম্পাদক মইনুল হক, টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰীকে ধৰি বহু দলীয় ব্যক্তি উপস্থিত থাকে।
ইপিনে, ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ নেতৃত্বত শতাধিক সজাগতামূলক বাইক ৰেলী উলিওৱা হয় । বাইক ৰেলী শুভাৰম্ভ কৰি মুছলপুৰ জিলা ইউপিপিএল দলৰ সম্পাদক দয়াল শৰণীয়াই ৰাইজক প্ৰত্যেক ঘৰতে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনায় ৷ আজিৰ এই বাইক ৰেলীত আগভাগ লয় বিধায়ক ভূপেন বড়োৱে ৷
লগতে পঢ়ক: সপ্তম বেটেলিয়নৰ উদ্যোগত চৰাইখোলাত জাতীয় পতাকা লৈ সজাগতামূলক শোভাযাত্ৰা