বাক্সা, ২৫ এপ্ৰিল : ক'ভিড ১৯ ৰ দ্ৰুত সংক্ৰমণে দেশ তথা ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বাক্সা জিলাৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি বাক্সাত শেহতীয়াকৈ ক'ভিড ১৯ ত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰিছে । সেই হেতুকে দেওবাৰে বাক্সা জিলাৰ বৰমা সাপ্তাহিক বজাৰত ক'ভিড ১৯ ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা আৰক্ষীয়ে অনুভাষযন্ত্ৰযোগে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰে ।
আৰক্ষীয়ে সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনায় । যদিহে কোনো ব্যক্তিয়ে মাস্ক পৰিধান নকৰে তেতিয়া হ'লে বাক্সা আৰক্ষীৰ তৰফৰ পৰা সেইসকল লোকক ১০০০ টকাৰ জৰিমনা বিহা হ'ব বুলিও সকিয়নী প্ৰদান কৰে ।
লগতে পঢ়ক : সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি সম্পন্ন হোৱা এখন বিবাহ