ETV Bharat / state

Assam TMC : বিটিআৰৰ উচ্ছেদক ব্লেকমেইলিঙৰ ৰাজনীতি আখ্যা ৰিপুন বৰাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:18 PM IST

বাক্সা জিলাৰ বৰমাৰ সমীপৰ সাউকুছিত তৃণমূলৰ কংগ্ৰেছৰ বিশেষ সভা ৷ সভাত উপস্থিত থাকি ৰিপুন বৰাই বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে ৷

Assam TMC Chief Ripun Bora Criticizes BJP
বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ
সাউকুছিত তৃণমূলৰ কংগ্ৰেছৰ বিশেষ সভা

বাক্সা, ২৫ ছেপ্টেম্বৰ : "তৃণমূল মানে হৈছে ঘাঁহৰ শিপা ৷ যেনেকৈ সকলোৰে তলত ঘাঁহ থাকে আৰু ঘাঁহৰ তলত তাৰ শিপা থাকে ৷ তাৰ অৰ্থ হৈছে যিবিলাক মানুহ সকলোতকৈ তলত থাকে তেওঁলোকেই হৈছে তৃণমূলৰ মানুহ আৰু সেইসকলৰ বাবে কাম কৰাৰ উদ্দেশ্যই হৈছে তৃণমূলৰ কংগ্ৰেছৰ মূল লক্ষ্য ৷" এই মন্তব্য তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰিপুন বৰাৰ ৷

সোমবাৰে বাক্সা জিলাৰ বৰমাৰ সমীপৰ সাউকুছিত অনুষ্ঠিত এক ৰাজনৈতিক সভাত উপস্থিত থাকি ৰিপুন বৰাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী গৰাকীয়েই হৈছে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জী ৷ অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে সম্পত্তিৰ পাহাৰ গঢ়িলে, কিন্তু তৃণমূল কংগ্ৰেংছৰ একমাত্ৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আজিৰ তাৰিখত বেংক বেলেন্স মাত্ৰ ৭ লাখ টকাহে আছে ৷

বৰাই কয় যে বিজেপিয়ে মূল্যবৃদ্ধিৰ নামত সৰ্বসাধাৰণক ডকাইতি কৰি আছে ৷ এফালে নামত ফ্ৰী চাউল দি আনফালে গেছ চিলিণ্ডাৰকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নামত জনতাক দৈনিক লুটি আছে ৷ যি মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ নামত বুলড’জাৰ লগাই মানুহৰ ঘৰ-দুৱাৰ ভাঙি দিয়ে সেইগৰাকী মুখ্যমন্ত্ৰী এতিয়া কেনেকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলিও বৰাই প্ৰশ্ন কৰে ৷ ৰিপুন বৰাই লগতে কয় যে মানুহক বিজেপিয়ে বুৰ্বক বনাইছে ৷ আজি অৰুণোদয় কিমান মহিলাক দিছে, মাত্ৰ চৈধ্য লাখ মহিলাকহে দিছে ৷ বিজেপিয়ে বিনামূলীয়া চাউল দি হাত-ভৰি পংগু কৰি পেলাইছে মানুহৰ ৷ তেওঁ বিজেপিক চামুচেৰে দি বেলচাৰে লৈ যোৱা বুলিও কটাক্ষ কৰে ৷

ইউপিপিএল- বিপিএফক এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলিও কয় তেওঁ ৷ কোনো এটা দলেই বিটিআৰৰ সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে বুলিও বৰাই উল্লেখ কৰে ৷ আনহাতে বিটিআৰৰ উচ্ছেদ সম্পৰ্কত বৰাই ইতিমধ্যে তৃণমূল কংগ্ৰেছে উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হোৱা বুলি উল্লেখ কৰি উচ্ছেদৰ পূৰ্বে জিলা আয়ুক্তই সন্দেহযুক্ত লোকসকলক এজন এজনকৈ পৰীক্ষা কৰি যদিহে কিবা পায় তেতিয়াহে জাননী জাৰি কৰিব পাৰে বুলি কয় ৷ বৰাই লগতে আগন্তুক লোকসভা নিৰ্বাচনত ৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি চলাই থকা বুলিও কয় ৷

প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত থকা এই সভাখনত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে সাধাৰণ সম্পাদক তৰিত চেটাৰ্জী, উপ-সভাপতি অসীম মল্ল বুজৰবৰুৱা, মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, কামৰূপ মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত দাস, বিটিআৰ সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ লাইফুং নাৰ্জাৰী, চিৰাং জিলা সমিতিৰ সভাপতি অনিৰ্বাণ সেন, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি উত্তম তালুকদাৰ, বাক্সা জিলা সমিতিৰ সভাপতি কিশোৰ ৰয়, তামুলপুৰ জিলা সমিতিৰ সভাপতি গৌৰীশংকৰ শৰণীয়াকে ধৰি কেবাগৰাকীও দলীয় নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : Rakibul Hussain : বদু ভাই আৰু হিমু ভাইয়ে মিলি এতিয়া ৰাজনীতি কৰিব বিচাৰিছে; ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.