ETV Bharat / state

বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি!! - pradhanmantri abash yojna

জানিব পৰা মতে দুবছৰ পূৰ্বে আৰম্ভ হোৱা আবাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম আজিও অসম্পূৰ্ণ ৷ গাঁওখনৰ দুই হিতাধিকাৰী আৰতি দাস আৰু ফলিন নাথৰ গৃহ নিৰ্মাণৰ কাম দুবছৰ পূৰ্বে আৰম্ভ হয় যদিও বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল আবাস যোজনাৰ ঘৰ ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ গৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি
author img

By

Published : May 31, 2019, 3:58 PM IST

বাক্সা, 31 মেঃ বাক্সা উন্নয়ন খণ্ডৰ অন্তৰ্গত নিকাছী ভিচিডিচিত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বাক্সা জিলাৰ নিকাছী ভিচিডিচিৰ বি ব্লক গাঁৱৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ গৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি

জানিব পৰা মতে দুবছৰ পূৰ্বে আৰম্ভ হোৱা আবাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম আজিও অসম্পূৰ্ণ হৈ ৰৈছে ৷ গাঁওখনৰ দুই হিতাধিকাৰী আৰতি দাস আৰু ফলিন নাথৰ গৃহ নিৰ্মাণৰ কাম দুবছৰ পূৰ্বে আৰম্ভ হয় যদিও বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল আবাস যোজনাৰ ঘৰ নিৰ্মাণৰ কাম ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নিকাছী ভিচিডিচিৰ চেয়াৰমেনে গৃহ নিৰ্মাণৰ সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ লগতে সকলো তথ্য-পাতি হস্তগত কৰি নিজৰ খেয়ালখুচি মতে কাম কৰি আহিছে ফলত ঘৰৰ বাহিৰৰ বেৰ প্লাষ্টাৰ কৰাৰ বিপৰীতে ভিতৰভাগৰ কাম আজিও অসম্পূৰ্ণ ৷

উল্লেখ্য যে যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে তেনে সময়তে বাক্সাত সংঘটিত হৈছে এটাৰ পিচত আনটো দুৰ্নীতি ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদৰ ভিচিডিচিৰ চেয়াৰমেন সকলে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ ধনো আত্মসাৎ কৰাৰ অভিযোগ ৷ যাৰ বাবে বিগত দুবছৰে অসম্পূৰ্ণ হৈ ৰৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সমূহ ৷

Intro:ৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল চৰকাৰৰ কাৰ্যকালত সংঘটিত হৈছে ব্যাপক দূৰ্নীতি ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত সংঘটিত হৈছে দূৰ্নীতি ৷Body:বাক্সা জিলাৰ বাক্সা উন্নয়ন খণ্ডৰ অন্তৰ্গত নিকাছী ভিচিডিচিত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত দূৰ্নীতি ৷ নিকাছী ভিচিডিচিৰ চেয়াৰমেন জড়িত থকাৰ অভিযোগ ৷ এই দৃশ্য বাক্সা জিলাৰ বাক্সা উন্নয়ন খণ্ডৰ অন্তৰ্গত নিকাছী ভিচিডিচিৰ বি ব্লক গাঁৱৰ ৷ গাঁৱখনৰ দুই হিতাধিকাৰী ক্ৰমে বিগত দুবছৰ পূৰ্ৱে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ৷ কিন্তু বিগত দুবছৰ অতিক্ৰম কৰাৰ পিচতো নিৰ্মাণ সম্পূৰ্ণ নহল ঘৰ দুটাৰ ৷ অাৰতি দাস অাৰু ফলিন নাথ নামৰ হিতাধিকাৰী দুজনৰ ঘৰ দুটা বাহিৰৰ ফালে বেৰ প্লাষ্টাৰ কৰাৰ বিপৰিতে ভিতৰভাগৰ কোনো কামেই আজিলৈকে সম্পূৰ্ণ নহল ৷ জানিব পৰা মতে নিকাছী ভিচিডিচিৰ চেয়াৰমেনজনে নিজে ঘৰ নিৰ্মাণৰ লগত জড়িত আছে ৷ হিতাধিকাৰীসকলৰ বেংকৰ সকলো কাগজপত্ৰ চেয়াৰমেনজনে হস্তগত কৰি নিজৰ খেয়ালখুচি মতে কাম কৰি আহিছে ৷ আনকি হিতাধিকাৰীসকলে আঁচনিৰ ধন আজিলৈকে নিজে উলিয়াবটো পৰা দূৰৰ কথা এটকাও দেখা পোৱা নাই ৷ উল্লেখ্য যে যি সময়ত ৰাজ্য চৰকাৰে দূৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষনা কৰিছে তেনে সময়তে বাক্সাত সংঘটিত হৈছে এটাৰ পিচত আনটো দূৰ্নীতি ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদৰ ভিচিডিচিৰ চেয়াৰমেন সকলে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে ৰূপায়ন কৰা আঁচনিৰ ধনো আত্মসাৎ কৰিব এৰা নাই ৷ যাৰ বাবে বিগত দুবছৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সমুহ সম্পূৰ্ণ হৈ নুঠিল ৷Conclusion:বাইট ,,,, হিতাধিকাৰী ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.