বাক্সা,৫ ডিচেম্বৰঃ বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ইফালে প্ৰতিটো ৰাজনৈতিক দলে বিটিচিত চলাই গৈছে নিৰ্বাচনৰ ৰণ ডংকা ৷ সমান্তৰালকৈ পিছপৰি ৰোৱা নাই গণ সুৰক্ষা পাৰ্টিৰো নিৰ্বাচনী ৰণ- কৌশল ৷
ইফালে নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি আজি বাক্সা জিলাৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মৃদুল দাসে কেইবা সহস্ৰাধিক মহিলা লগত লৈ পদৰেলী কৰি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ পদ ৰেলী উন্মোচন কৰিয়েই সাংবাদিকৰ আগত তীব্ৰ কটাক্ষ কৰে BPF আৰু UPPL দলক ৷ কোকলাবাৰী সমষ্টিৰ বিৰোধী দল বিপিএফ আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী দুজনে সমষ্টিৰ স্থানীয় লোক নহয় ৷ সেয়েহে নিৰ্বাচনত যদি জয়ীও হ'য় তেনেহ'লে অনাগত দিনত তেওঁলোকে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কোনো কাম কৰিব নোৱাৰে ৷
![As_baksa GSP election Campaign](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9773426_baksha.png)
আনহাতে, UPPL ক দলকো তীব্ৰ কটাক্ষ কৰি প্ৰাৰ্থী মৃদুল দাসে কয় যে, সাম্প্ৰদায়িক মন্তব্য কৰা UPPL ৰ সভাপতি প্ৰমোদ বড়ো আৰু ইউপিপি এলৰ নেতা ধিৰেণ বড়োৱে পূৰ্বতে অসমীয়া কথাৰে কোনো দিনে ভাষণ দিয়া নাছিল ৷ কিন্তু নিৰ্বাচনৰ সময়তহে ভোটৰ স্বাৰ্থত সমষ্টিত উন্নয়ন কৰিম বুলি ভাষণ দিছে ৷ গতিকে কোনো কাৰণতে তেওঁলোকক ভোট নিদিবলৈ আহ্বান জনাই ৰাইজক ৷
লগতে পঢ়ক-চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ