ETV Bharat / state

আংশিক লক্ ডাউনে সমস্যাত পেলাইছে হাঁহ-কুকুৰা পালকক - affact of mini lock down

কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাই আন আন ক্ষেত্ৰৰ দৰে ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ কৃষি খণ্ডৰ লগতে পশু পালকসকলক ৷ বজাৰৰ অভাৱত উৎপাদিত শস্য, দুগ্ধজাত সামগ্ৰী আদি বিক্ৰী কৰিব নোৱাৰি ব্যৱসায়ীসকল হতাশাৰ সন্মুখীন হোৱাৰ দৰেই হাঁহ-কুকুৰাপালক সকলো চিন্তিত হৈ পৰিছে পশুধনকলৈ ৷

animal herders affected by corona
কৰ'ণাৰ কৱলত ক্ষতিগ্ৰস্ত পশু পালক
author img

By

Published : May 31, 2021, 8:30 AM IST

বাক্সা,31মে’: মহামাৰী কৰ'ণাই বিপদ নমাই আনিছে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি ৷ কৰ'ণাক প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাই শেহতীয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে আন আন ক্ষেত্ৰসমূহৰ লগতে কৃষিখণ্ড তথা পশু পালকসকলক ৷ বজাৰৰ অভাৱত উৎপাদিত শস্য, দুগ্ধজাত সামগ্ৰী আদি বিক্ৰী কৰিব নোৱাৰি ব্যৱসায়ীসকল হতাশাৰ সন্মুখীন হোৱাৰ দৰেই হাঁহপালক সকলো চিন্তিত হৈ পৰিছে পশুধনকলৈ ৷ কিয়নো আন্তঃজিলা যাতায়ত তথা হাট-বজাৰ বন্ধ হোৱাৰ বাবেই খাদ্য সামগ্ৰী আনিব নোৱাৰি অধিক সমস্যাৰ সম্মুখীন হৈছে হাঁহ-কুকুৰা পালকসকল ৷

আংশিক লক্ ডাউনে সমস্যাত পেলাইছে হাঁহ-কুকুৰা পালকক

উল্লেখ্য যে, বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী মনসাৰ 6 গৰাকী শিক্ষিত যুৱকে গঢ়ি তুলিছিল এখন হাঁহৰ ফাৰ্ম ৷ খাকী কেম্বেল আৰু স্থানীয় হাঁহ পালনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ আশা কৰা এই সকল যুৱক এতিয়া যথেষ্ট সমস্যাৰ সম্মুখীন হৈছে ৷ বিশেষকৈ আন্তঃজিলা যাতায়ত বন্ধ হৈ পৰাত খাদ্য সামগ্ৰী আনিব পৰা নাই যুৱক কেইজনে ৷ ইফালে, জিলাখনৰ হাট-বজাৰ সমুহ বন্ধহৈ থকাত বিক্ৰী কৰিব পৰা নাই হাঁহবোৰ ৷ যাৰ বাবে ৰাজ্যৰ অন্যান্য কৃষক তথা গো-পালকৰ দৰে এই শিক্ষিত যুৱক কেইজনো সম্মুখীন হৈছে সমস্যাৰ ৷

লগতে পঢ়ক: বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.