তামুলপুৰ,3 অক্টোবৰঃ অসম চৰকাৰে নিবনুৱাৰ জীৱনক লৈ বাৰে-বাৰে হেতালি খেলা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিৰাজ কুমাৰ তালুকদাৰ আৰু সাঃ সম্পাদক ছায়েদুৰ ৰহমানে এক বিবৃতিযোগে অতি সম্প্ৰতি অসম আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্নকাতত ফাদিল হোৱা কাৰ্যক শিক্ষিত নিবনুৱা সকলৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে। "এপটেক" নামৰ এটা প্ৰতিষ্ঠানে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লৈ নিবনুৱা সকলৰ পৰা বৃহৎ পৰিমানৰ ধন হৰলুকী কৰিছে। এই প্ৰতিষ্ঠানটোক উত্তৰ প্ৰদেশ চৰকাৰে ব্লেক লিষ্টেড কৰি থোৱা বুলি একাংশই দাবী কৰি আহিছে । তেনে ক্ষেত্ৰত ব্লেক লিষ্টেড প্ৰতিষ্ঠানটোক কিয় অসম চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিলে ? উত্তৰ প্ৰদেশৰ নিবনুৱাতকৈ অসমৰ নিবনুৱাৰ মূল্য কম নেকি বুলি চৰকাৰক প্ৰশ্ন কৰে সংগঠনটোৱে।

ইয়াৰ আগতেও দক্ষিণ ভাৰতৰ "ব্লুম" নামৰ এটা কোম্পানীক (হাৰ্ডৱেৰ) এম্পট্ৰনে (যিটো কোম্পানী অসম চৰকাৰৰ অধীনস্থ) নিবিদা নোহোৱাকৈয়ে পৰীক্ষা পতাৰ দায়িত্ব দিছিল। যিটো আজিও এক বৃহৎ ৰহস্য হৈ ৰল বুলি সংগঠনটোৱে কয়। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ প্ৰতক্ষ্য হস্তক্ষেপত এনে কাৰ্য হৈ আছে বুলি সংগঠনটোৱে অভিযোগ কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অতিশীঘ্ৰে মন্ত্ৰীজনক চিনাক্ত কৰি মন্ত্ৰী সভাৰ পৰা বিতাৰণ কৰি অসমৰ নিবনুৱা সকলক ন্যায় প্ৰদানৰ বাবে দাবী জনায়, অন্যথা সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গোটেই প্ৰক্ৰিয়াটোৰ ৰহস্য ফাদিল কৰিব বুলি দাবী জনায়। লগতে "এপটেক"ৰ মুৰব্বী বুলি প্ৰচাৰ কৰা "খাউণ্ড" উপাধিৰ ব্যক্তি গৰাকীয়ে পৰীক্ষা উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভন দি একোগৰাকী প্ৰাৰ্থীৰ পৰা ৫০,০০০/ টকাকৈ লোৱাৰ অভিযোগ পৰিষদে লাভ কৰিছে । প্ৰয়োজন এই তথ্য ফাদিল কৰা লগতে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। সংগঠনটোৰ হাতত থকা "অডিঅ' ক্লীপত" পৰীক্ষা পাছ কৰাই দিয়াৰ এখন বজাৰ 'খাউণ্ড" উপাধিৰ ব্যক্তিজনে চলাই আছে বুলি অভিযোগ উত্থাপন কৰে। কিয় বাৰে বাৰে অসমৰ নিবনুৱা সকলৰ ওপৰত এনে অত্যাচাৰ চলাই আছে বুলি প্ৰশ্ন কৰি এই আটাইবোৰ অভিযোগ সামৰিলৈ সংগঠনটোৱে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি সকীয়াই দিয়ে ।