বাক্সা, ১৯ মে’: কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অসমৰ এগৰাকী বিধায়কে । বিধায়কজনৰ নেতৃত্বত ৩৫ গৰাকীকৈ লোক প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে কৃষি কাৰ্যত । আমি ক'ব বিচাৰিছো ৬২ নং বৰমা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন বড়োৰ কথা । জিলাখনৰ দলবাৰীত ৬০ বিঘা পতিত ভূমিত বিধায়ক গৰাকীৰ নেতৃত্বত অঞ্চলটোৰ ৩৫ গৰাকী লোকে ধান খেতিৰে এক কৃষি বিপ্লৱৰ সূচনা কৰাৰ প্ৰয়াস কৰিছে ।
বিধায়কগৰাকীয়ে একাঁঠু বোকা-পানীত নামি নিজ হাতেৰে ধানৰ বীজ চটিয়াই কৃষি বিপ্লৱৰ শুভাৰম্ভ কৰে । বিধায়ক ভূপেন বড়োৱে জনোৱা মতে ওদালগুৰিৰ 'খদাল হানজা' নামৰ এটা আত্ম সহায়ক গোটে খেতি কৰিবলৈ সক্ষম নোহোৱা ব্যক্তিসকলৰ পৰা উক্ত পতিত ভূমি লীজত লৈ ধান খেতি কৰিবলৈ আৰম্ভ কৰিছে ।
কেৱল ধান খেতিয়ে নহয় খৰালি কালত তাত আন খেতিও কৰা হ'ব । ওদালগুৰি ফাৰ্মাৰ্চ চ'ছাইটিৰ সভাপতি অবিনাশ দৈমাৰীয়ে ধানৰ বীজ বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে ভৱিষ্যতে আৰু অধিক ধানৰ বীজ প্ৰদান কৰিব বুলিও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে যিকোনো প্ৰকাৰে সমষ্টিৰ লোকক খেতিৰ লগত জড়িত কৰিবলৈ সামৰ্থ অনুযায়ী সহায় কৰাৰো আশ্বাস দিয়ে নৱনিৰ্বাচিত বিধায়ক ভূপেন বড়োৱে ।
.........CHANGE THUMBNAIL.........
লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত 6 জুৱাৰী