ETV Bharat / state

পুনৰ উত্তপ্ত হৈ পৰিব নেকি BTAD

মঙলবাৰে বাক্সাৰ বৰমাত অনুষ্ঠিত হয় অবড়ো সুৰক্ষা সমিতি অসমৰ এখন বিশেষ বৈঠক (Non bodo Suraksha Samiti Assam) । বৈঠকত দাবী মানি নল’লে পুনৰ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিয়ে সংগঠনটোৱে । সাংসদ নৱকুমাৰ শৰণীয়াক ব্যৰ্থ সাংসদ আখ্যা সংগঠনটোৰ ।

author img

By

Published : Aug 23, 2022, 10:04 PM IST

abodo suraksha samiti to protest again
পুনৰ উত্তপ্ত হৈ পৰিব নেকি BTAD

বাক্সা, ২৩ আগষ্ট: পুনৰ ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ অবড়ো সুৰক্ষা সমিতি অসমৰ (Non bodo organization threats to agitation)। এখন বিশেষ বৈঠকযোগে তেনে এক ইংগিত প্ৰদান কৰে অবড়ো সুৰক্ষা সমিতি অসমে (Non bodo Suraksha Samiti Assam) । বাক্সা জিলাৰ বৰমাত মঙলবাৰে অনুস্থিত হয় সংগঠনটোৰ এখন বিশেষ বৈঠক । বৈঠকত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াক এগৰাকী ব্যৰ্থ সাংসদ বুলি অভিহিত কৰে ।

অবড়োৰ নাম লৈ দুবাৰকৈ সাংসদ হোৱা নৱকুমাৰ শৰণীয়াই সংসদত বি টি আৰৰ অবড়ো ৰাইজৰ হকে আজিলৈকে এষাৰো মাত নমতাৰ অভিযোগ সংগঠনটোৰ । বি টি আৰৰ পৰা অবড়ো সংখ্যাগৰিষ্ঠ গাঁও (Non bodo villages in BTR) কৰ্তন, বি টি আৰত অবড়ো ৰাইজৰ ভূমি আৰু ভাষাৰ অধিকাৰ সুৰক্ষিত কৰা আদি দাবীসমুহ আছিল অবড়ো সুৰক্ষা সমিতিৰ মূল দাবী ৷

পুনৰ উত্তপ্ত হৈ পৰিব নেকি BTAD

এই দাবী সমুহ পুৰণ নহ'লে ৰাজপথলৈ ওলাই আহিব বুলি মন্তব্য় কৰে অবড়ো সুৰক্ষা সমিতি অসমৰ সম্পাদক মাধৱ ৰাজবংশীয়ে ।

কিন্তু বি টি আৰৰ ২২ লক্ষাধিক অবড়ো ৰাইজৰ সমস্যা সমাধানৰ কাৰণে চৰকাৰে গঠন কৰি দিয়া সমিতি খনেও তেওঁলোকৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে (Problems of non boro people in BTR) । আনকি গাঁও কৰ্তনৰ বিপৰীতে বি টি আৰত নতুন গাঁও অন্তৰ্ভুক্ত কৰাৰ বাবেহে এটা পক্ষই কৌশল ৰচনা কৰি আছে বুলি মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদকগৰাকীয়ে ।

তেওঁ লগতে ২০২৩ চনৰ আগত চৰকাৰে বি টি আৰৰ পৰা অবড়ো অধ্যুষিত গাঁও কৰ্তন আৰু ভূমিৰ সমস্যা সমাধান নকৰিলে লোক সভা নিৰ্বাচনত ভোট বৰ্জন কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: কংগ্ৰেছৰ কঁকাল ভাঙিবলৈ তৎপৰ এ আই ইউ ডি এফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.