বাক্সা, 5 নৱেম্বৰঃ বাক্সাত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ প্রতিকৃতি জ্বলাই এ বি এম ছুৰ তীব্ৰ প্ৰতিবাদ ৷ মধ্যাহ্ন ভোজনৰ খাদ্য যোগান এন জি অ'ক দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সংখ্যালঘু সংগঠনটোৰ ৷
ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমুহত চৰকাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ খাদ্য এন জি অ'ক দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ বাক্সা জিলাৰ দীঘলদঙাত এ বি এম ছুৰ নেতা-কৰ্মী সকলে বৰমা - নিকাছি গড়কাপ্তানী পথত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ প্রতিকৃতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে চৰকাৰে মধ্যাহ্ন ভোজনৰ খাদ্য যোগান এন জি অ'ক দিয়াৰ লগে লগে ৰাজ্যৰ লাখ-লাখ ৰান্ধনী আৰু সহায়িকাৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিব বুলি মন্তব্য কৰে সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে ৷
আনহাতে প্ৰতিবাদকাৰী সংগঠনটোৱে মুছলপুৰ মহকুমাৰ কেবাখনো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে দীৰ্ঘ দিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰো আন এক গুৰুতৰ অভিযোগ কৰে ৷ অতি শীঘ্ৰে মধ্যাহ্ন ভোজনৰ খাদ্য যোগানৰ দ্বায়িত্ব এন জি অ'ক দিয়া বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷