বৰমা, 9 অক্টোবৰঃ বাক্সা জিলাৰ 22 নং ককলাবাৰী পৰিষদীয় সমষ্টি অবড়ো সুৰক্ষা সমিতি সদস্য সকলে BTR চুক্তি আৰু BTR ৰ পৰা অবড়ো গাঁও সমূহ কৰ্তন কৰাৰ বাবে শুকুুৰবাৰে এক বিশাল বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ।
ইফালে প্ৰতিবাদকাৰী সকলে BTR গ’ বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, প্ৰমোদ বড়ো গ' বেক, অসম চৰকাৰ গ' বেক, ধ্বনিৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে ।
লগতে অতিশীঘ্ৰে BTR চুক্তি বাতিল কৰাৰ লগতে BTRৰ পৰা অবড়ো গাঁও সমূহ কৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । অন্যথা BTAD ত তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অবড়ো সুৰক্ষা সমিতিৰ সদস্য সকলে ।