ETV Bharat / state

বাক্সাৰ নাগ্ৰিজুলিত চাহ মজদুৰৰ প্ৰতিবাদ

author img

By

Published : Feb 24, 2021, 5:45 PM IST

অসম চাহ মজদুৰ সংঘৰ আহ্বানত বুধবাৰে বাক্সা জিলাৰ তামুলপুৰৰ নাগ্ৰিজুলী চাহ বাগিচাত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, জনজাতিকৰণ কৰা, মাটি পট্টা প্ৰদানৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকসকলে ।

বাক্সাৰ নাগ্ৰিজুলিত চাহ মজদুৰৰ প্ৰতিবাদ
বাক্সাৰ নাগ্ৰিজুলিত চাহ মজদুৰৰ প্ৰতিবাদ

বাক্সা, ২৪ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । নিৰ্বাচনক লৈ ৰাজ্যৰ নেতা-মন্ত্ৰীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে অব্যাহত আছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, মাটি পট্টা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ । তাৰ সমান্তৰালৈ বুধবাৰেও অসম চাহ মজদুৰ সংঘৰ আহ্বানত সাব্যস্ত কৰা হয় প্ৰতিবাদ ।

বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰক, মাটিৰ পট্টা প্ৰদান কৰক, এছ টি আমাক লাগিবই আদি শ্ল'গানেৰে নাগ্ৰিজুলী চাহ বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে চাহ শ্ৰমিক সকলে ৷ বিগত বিধানসভা নিৰ্বাচনত চাহ শ্ৰমিৰ দাবী পুৰণ কৰাৰ প্ৰতিশ্ৰুতি পুৰণ নকৰা বিজেপি চৰকাৰক সমাগত বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ অসম চাহ মজদুৰ সংঘ তথা আটচাৰ ৷

লগতে পঢ়ক:টিংখাঙত ভূমি পট্টা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.