ETV Bharat / state

নাগ্ৰীজুলিত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ

জনজাতিকৰণ, ভূমি পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত বাক্সাৰ নাগ্ৰীজুলিত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ । প্ৰধানমন্ত্ৰীৰ আগমণৰ দিনাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সংগঠনটোৱে ।

বাক্সাৰ নাগ্ৰীজুলিত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Feb 22, 2021, 9:33 PM IST

বাক্সা, ২২ ফেব্ৰুৱাৰী: পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সদৌ আদিবাসী ছাত্ৰ সন্থাই । সোমবাৰে বাক্সা জিলাৰ তামুলপুৰৰ নাগ্ৰীজুলিত সদৌ আদিবাসী ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী গণ সমাৱেশৰ আয়োজন কৰে । শাসনলৈ অহাৰ পূৰ্বেই দিয়া প্ৰতিশ্ৰুতি বিজেপিয়ে পূৰণ কৰা নাই বুলি অভিযোগ তোলে ছাত্ৰ সংগঠনটোৱে । জনজাতিকৰণ, আদিবাসী লোকসকলক ভূমি পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ আদিবাসী ছাত্ৰ সন্থাই ।

বাক্সাৰ নাগ্ৰীজুলিত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সদৌ আদিবাসী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ সৌজন্যত, নাগ্ৰীজুলি আঞ্চলিক সমিতি আৰু পূব ডেফিলি আঞ্চলিক সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সংগঠনটোৰ নেতাসকলে ক্ষোভ প্ৰকাশ কৰে যে, বিগত দিনত আদিবাসী লোকসকলে বহু আশাৰে বিজেপি দলক ভোট দিছিল যদিও শাসনৰ বাঘজৰী নিজৰ হাতলৈ অহাৰ পিছতে বিজেপি চৰকাৰে তেওঁলোকক উপেক্ষা কৰিছে ।

প্ৰতিশ্ৰুতি পালন কৰাৰ বিপৰীতে কেৱল বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আদিবাসী লোকসকলক নিৰ্বাচনী টোপ দি বিজেপিয়ে পুনৰ গাদী দখল কৰাৰ পৰিকল্পনা কৰিছে । শীঘ্ৰেই সংগঠটোৱে উত্থাপন কৰা তিনিওটা দাবী পূৰণ নকৰিলে বিজেপি চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছে বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই । সোমবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত কেইবাগৰাকীও কেন্দ্ৰীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:পঞ্জীয়নবিহীন ভাবেই ভোট যুদ্ধত নামিবলগীয়া হ'ব নেকি নতুন দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.