ETV Bharat / state

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু - অসমৰ যুৱক

যোৱা ২০ জুলাইত মহাৰাষ্ট্ৰলৈ (MAHARASTRA) বুলি ৬ জন সতীৰ্থৰ সৈতে কামৰ সন্ধানত ওলাই গৈছিল মৃত যুৱকজন ৷ ইপিনে মহাৰাষ্ট্ৰ পোৱাৰ পূৰ্বে আম্বেৰমালী ষ্টেচনৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল মৃত যুৱকজন ৷

a-youth-of-baksa-died-in-maharastra
পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ
author img

By

Published : Jul 26, 2021, 12:59 AM IST

বাক্সা, ২৫ জুলাই : বহিঃৰাজ্যত অসমৰ (ASSAM) যুৱকৰ আকস্মিক মৃত্যুৰ ঘটনা নতুন নহয় ৷ পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে বাক্সাৰ এজন যুৱকৰ ৷ বাক্সা জিলাৰ (BAKSA DISTRICT) মুছলপুৰ আৰক্ষী থানাৰ (mushalpur police station) অন্তৰ্গত থমনা উজীৰবাৰী গাঁৱৰ ৰাজেন ৰাজবংশীৰ পুত্ৰ নিৰ্মল ৰাজবংশী (৩০)ৰ কিছুদিনপূৰ্বে ৰহস্যজনকভাৱে মৃত্যু হয় ৷

উল্লেখযোগ্য যে, যোৱা ২০ জুলাইত মহাৰাষ্ট্ৰলৈ (MAHARASTRA) বুলি ৬ জন সতীৰ্থৰ সৈতে কামৰ সন্ধানত ওলাই গৈছিল মৃত যুৱকজন ৷ ইপিনে মহাৰাষ্ট্ৰ পোৱাৰ পূৰ্বে আম্বেৰমালী ষ্টেচনৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল মৃত যুৱকজন ৷ যুৱকজন নিৰুদ্দেশ হোৱাৰ তিনিদিন পাছতে ষ্টেচনৰ সমীপৰ ৰে'ল লাইনত ক্ষত-বিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে স্থানীয় আৰক্ষীয়ে ৷

পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

সম্প্ৰতি নিৰ্মল ৰাজবংশীক লৈ যোৱা মুছলপুৰৰ ৰাতুল দাস নামৰ এজন যুৱক এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত বুলি পৰিয়ালৰ লোকে দাবী তুলিছে ৷ ঘটনাটো সংঘটিত হোৱাৰ দিন ধৰি আজিলৈকে ৰাতুল দাস নামৰ যুৱকজনে তেওঁৰ ম’বাইল ফোনটো বন্ধ কৰি ৰাখিছে ৷ ইফালে মৃত নিৰ্মলৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰাতুল দাস নামৰ যুৱকজনে বহিঃৰাজ্যলৈ লৈ যোৱা ৭-৮ জন লোক বিগত ৬ বছৰত নিৰুদ্দেশ হৈছে ৷

সম্প্ৰতি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে মুছলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷ মৃত নিৰ্মলৰ পৰিয়াল আৰু স্থানীয় লোকে এতিয়া আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকা উল্লেখ্যযোগ্য হ’ব ৷

লগতে পঢ়কঃ গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.