ETV Bharat / state

টকাৰ অভাৱত দিছপুৰ হস্পিতালত আৱদ্ধ বাক্সাৰ এজন যুৱক - kalakuchi

টকাৰ অভাৱত জটিল ৰোগত আক্ৰান্ত তামুলপুৰৰ এজন যুৱক পনবন্দী হৈ আছে গুৱাহাটীৰ দিছপুৰ হস্পিতালত । প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ ।

টকাৰ অভাৱত দিছপুৰ হস্পিতালত আৱদ্ধ বাক্সাৰ এজন যুৱক

author img

By

Published : May 7, 2021, 10:35 PM IST

বাক্সা,7মে': বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কালাকুছি গাঁৱৰ এক দুৰ্ভগীয়া পৰিয়াল ৷ বিগত প্ৰায় ৩৪ দিন ধৰি গুৱাহাটীৰ দিছ্পুৰ হস্পিতালৰ বিচনাত পৰি ৰৈছে কংকণ দাস নামৰ যুৱকজন ৷ হিমফিলিয়া বি, চেপচিছ, ক্ৰনিক এনেমিয়া, বৃক্কৰ লগতে কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈছে যুৱকজন ৷ ইপিনে, চিকিৎসাধীন যুৱকজনক বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয় যদিও হস্পিতালৰ বিল প্ৰায় সাত লাখতকৈ অধিক হোৱাৰ বাবে আজিও চিকিৎসালয় খনতে আৱদ্ধ হৈ আছে যুৱক জন ৷

টকাৰ অভাৱত দিছপুৰ হস্পিতালত আৱদ্ধ বাক্সাৰ এজন যুৱক

আজিৰে পৰা প্ৰায় ডেৰ বছৰ পূৰ্বৰে পৰা বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ অসমৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন চিকিৎসালত চিকিৎসা কৰি মাটি সম্পত্তি বিক্ৰী কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালটি । যুৱকজনৰ আছে এটি এক মহীয়া সন্তান । সকলো বিক্ৰী কৰি তীব্ৰ আৰ্থিক সংকটত পৰিছে বৰ্তমান পৰিয়ালটো । ইতিমধ্যে গাঁওবাসীৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু তামুলপুৰৰ নৱ নিৰ্বাচিত বিধায়ক লেহো ৰাম বড়োয়ে আৰ্থিক সাহায্য প্ৰদান কৰিছে যদিও সেয়া পৰ্যাপ্ত নোহোৱাত যুৱক জনক ঘৰলৈ আনিব পৰা নাই । এই দুৰ্ভগীয়া পৰিয়াটিয়ে উপায়ন্তৰ হৈ এতিয়া ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা যুৱক জনক ঘৰলৈ ঘূৰাই অনাৰ বাবে বিচাৰিছে অলপ সহায় ৷

ইফালে, এই যুৱকজনক 91011 89801 ম'বাইল নম্বৰ বা কংকণ দাসৰ নামত কানাড়া বেংকৰ ৰঙিয়া শাখাত থকা একাউণ্ট নম্বৰ 4559101005323, IFSC Code - CNRB0004559 ত আৰ্থিক অনুদান আগবঢ়াবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায় ৷

অন্য এক খবৰৰ বাবে: ব্যতিক্ৰমী বিয়া: দৰা অবিহনেই বিয়াত বহিল কইনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.