ETV Bharat / state

ক’ভিড প্ৰটকলৰ বাবে নিমাওমাও বৰমা বজাৰ

author img

By

Published : May 13, 2021, 10:42 PM IST

প্ৰতিটো বৃহস্পতিবাৰ আৰু দেওবাৰে বাক্সাৰ বৰমাত বহে এখন বৃহৎ সাপ্তাহিক বজাৰ ৷ পিছে পবিত্ৰ ঈদলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত বৰ্তমান এই বজাৰত নাই কোনো ক্ৰেতা, নাই বিক্ৰেতা ৷

a-silent-market
এখন নিমাওমাও বজাৰ, নাই কোনো ক্ৰেতা নাই বিক্ৰেতা

বাক্সা,১৩ মে’: পবিত্ৰ ঈদলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী ৷ প্ৰতি বৃহস্পতিবাৰ আৰু দেওবাৰে বাক্সাৰ বৰমাত বহে এখন বৃহৎ সাপ্তাহিক বজাৰ ৷ সুদুৰ বৰপেটাৰোড, খাৰুপেটীয়া আদিৰ পৰা অহা ব্যৱসায়ীৰে ভৰি পৰে বৰমাৰ সাপ্তাহিক বজাৰ ৷

কিন্তু সন্মুখত ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ থকা স্বত্বেও বৰমাৰ সাপ্তাহিক বজাৰত বৰ্তমান নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷ বজাৰত নাই কোনো ক্ৰেতা, নাই বিক্ৰেতা ৷ দেশত হোৱা কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নতুন এছঅ’পিৰ প্ৰতি সন্মান জনাই বৰমা সাপ্তাহিক বজাৰ বন্ধ ৰাখিছে বজাৰ সমিতিয়ে ৷

আনকি অঞ্চলটোৰ ইছলামধৰ্মী লোকসকলেও নিজ গৃহতে নামাজ পঢ়ি অনুষ্টুপীয়াকৈ ঈদ পালনৰ সিদ্ধান্ত লৈছে ৷ ব্যৱসায়িক দিশৰ পৰা লোকচান হ’লেও এই খবৰে অঞ্চলবাসীৰ সজাগতাৰ চানেকি বহন কৰিছে ৷

লগতে পঢ়ক : স্থবিৰ নহয় মাজুলীৰ উন্নতি: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.