বাক্সা,11 ছেপ্তেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰী-মাজগাড়ী গাঁৱৰ সুৰঠ কাকতিৰ পুত্ৰ প্ৰণৱ কাকতিয়ে বিগত 2011 চনত গাঁৱখনৰ ৰাজেশ্বৰ দাস নামৰ এগৰাকী লোকৰ এটি গৃহ নিৰ্মাণৰ কামত ব্যস্ত থাকোতে দুৰ্ভাগ্যক্ৰমে মাটিত পৰি পিঠিৰ হাড় ভাঙে ৷ পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যুৱকগৰাকীয়ে চিকিৎসা কৰে যদিও অৰ্থৰ অভাৱত আধাতে চিকিৎসা সামৰি কোঁচবিহাৰলৈ চিকিৎসাৰ অৰ্থে যায় ৷ কিন্তু কোঁচবিহাৰত কৰা কবিৰাজী চিকিৎসাৰ ফলত প্ৰণৱৰ ভৰি দুখনে চিৰদিনলৈ খোজকঢ়াৰ শক্তি হেৰুৱাই পেলায় ৷ সম্প্ৰতি হুইল চেয়াৰে সংগী হৈ পৰিছে প্ৰণৱৰ ৷
যুৱকগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীক সাক্ষাৎ কৰি চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য বিচাৰিছিল যদিও এই কথাত কোনো গুৰুত্ব আৰোপ নকৰিলে ৷ বিগত প্ৰায় দহ বছৰে প্ৰণৱ কাকতিয়ে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পাৰ কৰিছে এটা এটা দিন ৷ সম্প্ৰতি যুৱকগৰাকীক প্ৰয়োজন সদাশয় ৰাইজৰ ৷
লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন