বৰমা, ৩১ আগষ্টঃ বাক্সা জিলাৰ নিকাচী নঞা পাৰাত অঘটন ৷ পানীত পৰি মৃত্যুক সাৱটিলে এটি দুবছৰীয়া শিশুই ৷ বাক্সা জিলাৰ নিকাচী আৰক্ষী চকীৰ অন্তৰ্গত নঞাপাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ মৃত শিশুজনৰ জনৰ নাম আশিষ শৰ্মা বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ খবৰ অনুসৰি, দোলেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুবছৰীয়া শিশু আশিষ সৰ্মাই ৮ বছৰীয়া ককায়েকৰ লগত পদুলিমুখলৈ ওলাই আহিছিল ।
পদুলিমুখৰ ওচৰত থকা দলঙৰ ওপৰত ঠিয় হৈ থকাৰ সময়তে দুৰ্ভাগ্যক্ৰমে পানীত পৰে দুই ভাতৃ । ডাঙৰ পুত্ৰ কথমপি মৃত্যুৰ পৰা ৰক্ষা পৰে যদিও প্ৰায় ২০০ মিটাৰ নিলগত সৰুপুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে । পানীৰ পৰা উদ্ধাৰ কৰি শিশুটোক নিকাচী অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটোৰ ইতিমধ্যে মৃত বুলি ঘোষণা কৰে । আনহাতে, শিশুটোৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলজুৰি ৷
লগতে পঢ়কঃ ডঃ হিমন্ত বিশ্ব শৰ্মা এতিয়া ফেক্টৰ নহয়: ৰূপজ্যোতি কুৰ্মী