ETV Bharat / state

বাক্সাৰ 58 নং তামুলপুৰ বিধানসভা সমষ্টিত 5 জনৰ মনোনয়ন দাখিল

author img

By

Published : Oct 8, 2021, 10:19 PM IST

ইউ পি পি এলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত আসন খালী হোৱা তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে 9 গৰাকী প্ৰাৰ্থীয়ে ৷ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী বিষয়া আশ্ৰাফুল আমিনৰ ওচৰত পৃথকে পৃথকে মনোনয়ন পত্ৰ দাখিল কৰে ৷

5-nominations-filed-in-tamulpur-assembly-constituency-for-by-pool
বাক্সাৰ 58 নং তামুলপুৰ বিধানসভা সমষ্টিত 5 জনৰ মনোনয়ন দাখিল

বাক্সা, 8 অক্টোবৰ : ৰাজ্যত হ'ব লগা উপ নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷ সমান্তৰালকৈ বাক্সা জিলাৰ 58 নং তামুলপুৰ বিধান সভা সমষ্টিটো বলিছে নিৰ্বাচনী বতাহ ৷ ইউ পি পি এলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত খালী হৈছিল তামুলপুৰ বিধানসভা আসনখন ৷ শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনা তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা পুনৰ পাঁচ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷

সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি বাক্সাৰ মুছলপুৰৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ত মনোনয়ন পত্ৰ দাখিল কৰে সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন জি এছ পি দলৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেবেন বড়ো আৰু যশৱন্ত চৌহানে ৷ লগতে ভিপিআইৰ ৰাজকুমাৰ বড়োৱে দাখিল কৰে মনোনয়ন পত্ৰ ৷ উল্লেখ্য যে,আটাইকেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী বিষয়া আশ্ৰাফুল আমিনৰ ওচৰত পৃথকে পৃথকে মনোনয়ন পত্ৰ দাখিল কৰে ৷

উল্লেখ্য যে তামুলপুৰত শুকুৰবাৰে অন্তিম দিনা 4 জন প্ৰাৰ্থীসহ 9 গৰাকী প্ৰাৰ্থী মনোনয়ন দাখিল কৰে ৷ জিএছ পি দলৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ নাথ ডেকাক সংগ দি কোকাৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই তামুলপুৰ সমষ্টিত ব্ৰজেন ডেকাই একমাত্ৰ শক্তিশালী প্ৰাৰ্থী বুলি দাবী কৰে ৷

ব্ৰজেন ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে, বিধানসভাতো এজন প্ৰতিনিধি লাগে বাবে জি এছ পিয়ে নিৰ্বাচনত অংশ লৈছে ৷ আনহাতে গোসাইগাঁও সমষ্টিটো বাবুলাল বেচেৰা আৰু চৈয়দ আলি শ্বেখে মনোনয়ন দিব বুলি জানিবলৈ দিয়ে ৷ সেইদৰে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীয়ে সমষ্টিটোৰ পৰা পুনৰ বাৰ বিজয়ী হ'ব বুলি মন্তব্য কৰে ৷ আনহাতে প্ৰাক্তন কাৰ্যবাহী সদস্য দেবেন বড়োৱে মনোনয়ন দাখিল কৰি সমষ্টিটোৰ পৰা জয়ী হ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.