বাক্সা, 5 ছেপ্তেম্বৰ : বাক্সাৰ বৰমা-নিকাছী পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ পিষ্টল দেখুৱাই ষ্টেট বেংকৰ CSP ৰ কৰ্মচাৰীৰ পৰা দুৰ্বৃত্তই লুটি নিলে চাৰি লক্ষাধিক টকা । মুছলপুৰ ষ্টেট বেংকৰ পৰা চাৰি লক্ষাধিক টকা উলিয়াই নিকাছী ঘৰ উভিমুখে গৈ থকা অৱস্থাতে পথতে সংঘটিত হয় এই ডকাইতি কাণ্ডটো । ভুক্তভোগী ষ্টেট বেংকৰ CSP কৰ্মচাৰীগৰাকীৰ নাম নৱৰাজ বৰাল বুলি জানিব পৰা গৈছে ।
বাইকত অহা অস্ত্ৰধাৰী দুই দুৰ্বৃত্তই কৰ্মচাৰীজনক মাৰপিট কৰি ধনখিনি কাঢ়ি লৈ উধাও হয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
লগতে চাওক-অৰুণাচল প্ৰদেশৰ মেক মোহন লাইনৰ সমীপত চীনা সৈন্যৰ পথ নিৰ্মাণ : বিধায়ক নিনং এৰিং