চিৰাং,15 এপ্ৰিলঃ দেশজুৰি চলি থকা লক ডাউনৰ মাজতে চিৰাং জিলাৰ ছাপাগুৰিত উপস্থিত হয় 37 জনীয়া ৰাজস্থানী অঘৰী লোকৰ এটি দল ৷ দলটোৰ আটাইকেইগৰাকী লোককে দণ্ডাধীশৰ উপস্থিতিত ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁও ছাতিপুৰ এম ই মাদ্ৰাছাত থকাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে ৷ ইতিমধ্যে দলটোৰ মাজৰ এটি 9 মহীয়া কেঁচুৱাৰ মৃত্যু হয় ৷ কৰ’ণাত আক্ৰান্ত হৈ কেঁচুৱাটো মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ ইতিমধ্যে, জিলা প্ৰশাসনে মঙলবাৰে বিয়লি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷
![37th Rajsthani Bonjara Shelter in Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6796626_c.jpg)
আৰক্ষীয়ে জনায় যে,অঘৰীৰ দলটো বিগত 3 মাহ ধৰি অসমতে আছিল ৷ লক ডাউনৰ সময়ত তেজপুৰত আবদ্ধ হৈ পৰা দলটো ট্ৰাকেৰে অসমৰ পৰা ওলাই যাবলৈ বিচাৰিছিল যদিও শ্ৰীৰামপুৰৰ আন্তঃৰাজ্যিক গেটৰ পৰা তেওঁলোকক ঘূৰাই পঠোৱা হয় ৷ ইয়াৰ পিছতে তেওঁলোকে বঙাইগাঁও জিলাত প্ৰৱেশ কৰে যদিও বঙাইগাঁও আৰক্ষীয়েও ওভটাই পঠোৱাৰ সময়তেই ছাপাগুৰিৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথত চিৰাং আৰক্ষীয়ে সোধ-পোছ কৰি দলটোক আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক-বাক্সাৰ তামুলপুৰত সুৰাসহ আটক দুজন