বাক্সা,16 মেঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পশ্চিম পাটকীজুলিত জল সংকট । পাহাৰপুৰৰ পাগলাদিয়া নদীৰ দাঁতিৰ নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰা লোকসকলে বছৰ বছৰ ধৰি তীব্ৰ জল সংকটৰ সন্মুখীন হৈ আহিছে । কিন্তু এইক্ষেত্ৰত কোনো কাণসাৰ নাই চৰকাৰ তথা জন প্ৰতিনিধিৰ ।
উল্লেখ্য যে, এই অঞ্চলটোত ৩৭ টা আদিবাসী চানতালী পৰিয়ালে বসবাস কৰে । দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল কেইটাই শিল ভাঙি জীৱিকা নিৰ্বাহ কৰে । কিন্তু কোনোটো পৰিয়ালেই আজিপৰ্যন্ত লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সাহাৰ্য তথা ৰেচন কাৰ্ড । অৱশেষত উপায়ন্তৰ হৈ দুৰ্ভগীয়া এই পৰিয়ালকেইটাই সংবাদ মাধ্যমৰ জৰিয়তে অতিশীঘ্ৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে ।
লগতে পঢ়ক-বিত্তমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰাৰ পাছত কিমান আশাবাদী গো-পালক সকল?