ETV Bharat / state

তামুলপুৰৰ দ্বাৰকুছিৰ বৰলীয়া নদীত উটি গ’ল দুই যুৱক

author img

By

Published : Aug 6, 2020, 4:41 PM IST

বৰলীয়া নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ দুজন যুৱক ৷ নিৰুদ্দেশ হোৱা যুৱক দুজনক বিচাৰি ইতিমধ্যে ৰাইজৰ লগতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷

2 youth Lost in Baralia River At Baksha District
তামুলপুৰৰ দ্বাৰকুছিৰ বৰলীয়া নদীত উটি গ’ল দুই যুৱক

বাক্সা, 6 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰৰ দ্বাৰকুছিৰ বৰলীয়া নদীত উটি গ’ল দুই যুবক | যুৱক দুজন ক্ৰমে মদন নন্দী (২৩) আৰু চুমন নন্দী ( ১৭) বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, অঞ্চলটোৰ ছয় গৰাকী যুৱক একেলগে বৰলীয়া নদীত গা ধুবলৈ গৈছিল ৷ কিন্তু গা ধুই থকা সময়তে যুৱক কেইজনক নদীৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে ৷ স্থানীয় ৰাইজে উক্ত ঘটনাটো গম পাই উদ্ধাৰ অভিযান চলাই ইতিমধ্যে চাৰিজন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উদ্ধাৰ হোৱা যুৱক কেইজন হ’ল ছাহজাহান আলী (২৫)জয় দত্ত (২৫)আখেৰ আলী আৰু (১৫) অনৰ্ব সূত্ৰধৰ (১৩) ৷ ইফালে এই ঘটনাটো ততালিকে আৰক্ষীক অবগত কৰে স্থানীয় ৰাইজে ৷ সম্প্ৰতি বৰলীয়া নদীৰ বুকুত সন্ধানহীন দুই যুৱকক উদ্ধাৰৰ বাবে আৰক্ষী ,অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক- আতচবাজীৰ ফলত যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.