ETV Bharat / state

শৰীৰত জটিল ৰোগঃ তথাপিও আকাশ চোৱাৰ মন ৰিজুমণিৰ - জটিল ৰোগত আক্ৰান্ত হোৱা ৰিজুমনি

কিডনী সংৰোপনৰ বাবে প্ৰয়োজন ১৫ লাখ টকা

ৰিজুমনি ৰাজবংশী
author img

By

Published : Mar 2, 2019, 10:12 AM IST

বাক্সা জিলাৰ বৰিমাখাৰ এটা দৰিদ্ৰ পৰিয়ালৰ বৰমা মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ৰিজুমনি ৰাজবংশী । কিন্তু হঠাত্‍ ৰিজুমনিৰ অভিভাৱক সুৰেণ ৰাজবংশী আৰু উপমা ৰাজবংশীৰ মুৰত যেন সৰগ ভাঙি পৰিল । দুয়োটা কিডনী বিকল হৈ পৰিল ৰিজুমনিৰ । যাৰ বাবে বৰ্তমান এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন মেধাবী ছাত্ৰীগৰাকী ।

আকাশ চুবলৈ হেপাঁহ ৰখা এগৰাকী মেধাবী ছাত্ৰী

সম্প্ৰতি ঘৰতে থকা ছাত্ৰী গৰাকীক চিকিৎসকে ৰাজ্যৰ বাহিৰলৈ নি কিডনী সংৰোপনৰ উপদেশ দিয়াত হতাশ হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো ৷ কিয়নো ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ'ব কমেও ১৫ লাখ টকা । সাধাৰণ গেলামালৰ দোকান দি জীৱন নিৰ্বাহ কৰা পিতৃ-মাতৃয়ে এতিয়া জীয়ৰীৰ আশু আৰোগ্য কামনা কৰি বিচাৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাইজৰ সঁহাৰি । ইতিমধ্যে বৰমা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও ৰিজুমনিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ।

আহক জটিল ৰোগত আক্ৰান্ত হোৱা ৰিজুমনিক আমিও অলপ সহায় কৰো। আমাৰ অকণমান সহানুভূতিয়ে ৰিজুমনিৰ মুখত বিৰিঙাব আশাৰ হাঁহি ।

BANK OF INDIA
IFSC - BKID0005050
A/C NO - ৫০৫০১০১১০০০১৪৬৯
ফোন নম্বৰ - ৯৬৭৮৭০৮৩৮২

Slug: A_BAK_02MAR_801_TO_806_ Cadne_Fail_Student_VIS+Byte_Ajit_Rabha

:বৰিমাখাৰ ষষ্ঠ ষান্মাসিকৰ মাধাবী ছাত্ৰী ৰিজুমনি ৰাজবংশীৰ চিকিৎসা সাহাৰ্য বিচাৰি হায়ৰাণ পিতৃ -মাতৃ:
উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন ১৫ লাখ টকা:

 নিজৰ জীৱন পুনৰ জিলিকাই তোলাৰ বাবে কাতৰ আহ্বান জনাইছে বাকসা জিলাৰ বৰিমাখাৰ এটি দুখীয়া পৰিয়ালৰ মেধাবী ছাত্ৰীয়ে। বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ৰিজুমনি ৰাজবংশী নামৰ  ছাত্ৰী গৰাকীৰ চিকিৎসা সাহায্য বিচাৰি হায়ৰাণ হৈ পৰিছে পিতৃ- মাতৃ ৷ দুয়োটা কিডনী বিকল হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ থকা ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে প্ৰায় পোন্ধৰ লাখ টকাৰ প্ৰয়োজন ৷ সাধাৰণ গেলামালৰ দোকান দি জীৱন নিৰ্বাহ কৰা পিতৃয়ে এতিয়া জীয়ৰীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থ গোটাব নোৱাৰি হতাশ হৈ পৰিছে ৷ বাক্সা জিলাৰ বৰিমাখাৰ ( আনন্দপুৰ চ 'ক) সুৰেণ ৰাজবংশী আৰু উপমা ৰাজবংশীৰ জীয়ৰী তথা বৰমা মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী ৰিজুমনি ৰাজবংশীৰ প্ৰথমাৱস্থাত উশাহ -নিশাহ লোৱাত কষ্ট অনুভৱ হোৱাত গুৱাহাটীৰ হেল্থ চিটি কেয়াৰ হাস্পাতালত ভৰ্তি কৰে ৷ যদিও পিচত জি এম চি এইচলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ তাতে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত ছাত্ৰী গৰাকীৰ দুয়োটা কিডনী বিকল হোৱা বুলি নিশ্চিত হয় পিতৃ- মাতৃ ৷ সম্প্ৰতি ঘৰতে থকা ছাত্ৰী গৰাকীক  চিকিৎসকে ৰাজ্যৰ বাহিৰলৈ নি কিডনী সংস্থাপনৰ নিৰ্দেশ দিয়াত এতিয়া দৰিদ্ৰ পৰিয়ালৰ মুৰত সৰগ ভাঙি পৰিছে ৷ কিয়নো ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে কমেও পোন্ধৰ লাখ টকাৰ প্ৰয়োজন ৷ সেয়ে পিতৃ সুৰেণ ৰাজবংশী আৰু মাতৃ উপমা ৰাজবংশীয়ে নিজৰ সন্তানৰ চিকিৎসাৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে কোনো হৃদয়বান লোকৰ পৰা আৰ্থিক সাহায্য কামনা কৰিছে যাতে পুনৰ ছোৱালী গৰাকী আগৰ নিচিনা হৈ উঠে। ৷ এইক্ষেত্ৰত কোনো হৃদয়বান ব্যক্তিয়ে যদি ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে সাহায্য দিব বিচাৰে তেন্তে বেংক অৱ ইণ্ডিয়াৰ বৰমা শাখাৰ  আই এফ এচ চি নম্বৰ BKID0005050 আৰু একাউন্ট নম্বৰ ৫০৫০১০১১০০০১৪৬৯ ত  পোনপটীয়াকৈ নাইবা এই ৯৬৭৮৭০৮৩৮২ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে ৷ হয়তো কোনো হৃদয়বান ব্যক্তিৰ অকনমান সহানুভূতিয়ে ছাত্ৰীগৰাকীৰ মুখত হাহি বিৰিঙাবলৈ সক্ষম হব ৷ আনুষ্ঠানিক শিক্ষাৰ লগতে সংগীতত বিশাৰদ ৰিজুমনিয়ে জীৱনটোক নতুনকৈ চাবলৈ বৰ হেপাহ। ইতিমধ্যে বৰমা মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলৰ উপৰি ছাত্ৰ- ছাত্ৰী সকলেও ছাত্ৰী গৰাকীক সহায় কৰিবলৈ উঠি পৰি লাগিছে বুলি পিতৃয়ে জানিব দিয়ে। আনফালে আজি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা প্ৰতিদিন টাইমৰ সাংবাদিক ভাৰত ৰাজবংশী ১০০০ টকা, বেচৰকাৰী অনুষ্ঠান মানৱ মংগল কেন্দ্ৰৰ পৰা ৫০০০ আৰ্থিক সাহায্য প্ৰদান কৰে।

 বাইট:= পিতৃ- মাতৃ, ৰিজুমনি ৰাজবংশী।

Ajit Rabha Baksa
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.