বাক্সা,১৩মাৰ্চ: বুধবাৰে বাক্সা জিলাৰ মছলপুৰ সদৰত নিখিল ভাৰত সভা আৰু চি আই টি ইউৰ উদ্যোগত জন সমাবেশ আয়োজন কৰে । এই সমাবেশত কৰুণা কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত মহেশ দত্ত, কৰুণা ভূঞা, তপন শৰ্মা, দেৱেন ভট্টাচাৰ্য্য, যুৱনেতা বিৰাজ ডেকাৰ লগতে বহু লোক উপস্থিত থাকে ।
উল্লেখ্য যে জন সমাবেশত বাওঁপন্থী দলৰ প্ৰাক্তন বিধায়ক হেমেন দাসে ভাষণ প্ৰসংগত কয় যে বিজেপি নেতৃতাধিন মিত্ৰজোটৰ চৰকাৰৰ দিনত অসমত অংগনবাড়ীকৰ্মী সকলে ৪৫০০ টকা পাই থকাৰ বিপৰীতে কেৰেলা চৰকাৰে অংগনবাড়ীকৰ্মীসকলক ১০ হাজাৰ টকা দৰমহা আগবঢ়াই আহিছে । কেৰেলাত এইয়া কেৱল বামপন্থী দলৰ চৰকাৰ থকাৰ বাবেই সম্ভৱ হৈছে বুলি তেওঁ মন্তব্য কৰে ।