ETV Bharat / state

বাক্সাত চুৰি বাইকসহ আটক দুই দুধৰ্ষ বাইক চোৰ - arrest

এশ গৰু খালে বাঘৰো মৰণ : ৰঙাঘৰত বাইক চোৰ

বাইক চোৰ আটক
author img

By

Published : Feb 19, 2019, 2:22 PM IST

বাক্সা, ১৯ ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ সক্ৰিয় গাড়ী চুৰি চক্ৰ। সোমবাৰে নিশা বাক্সা জিলাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণপুৰত আৰক্ষীয়ে চুৰি বাইকসহ দুই দুৰ্ধৰ্ষ বাইক চোৰ আটক কৰে।

প্ৰাপ্ত খবৰ অনুসৰি ধৃত চোৰ দুজনে নিশা জিলাখনৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰী গাঁৱৰ ৰাতুল মুছাহাৰীৰ নতুন গ্লেমাৰ বাইকখন চুৰি কৰি আনিছিল । পৰৱৰ্তি সময়ত ৰাতুল মুছাহাৰীয়ে বাইকখন ডুমুনী অঞ্চলত থকাৰ সম্ভেদ পাই বিচাৰ খোচাৰ কৰি থকাৰ সময়তে বাইক লৈ ডুমুনীৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে চোৰ কেইজনে । কিন্তু ৰাইজৰ সহযোগত বাইকসহ চোৰ দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও এটা চোৰ পলায়ন কৰিবলৈ সক্ষম হয় ৷

বাইক চোৰ আটক
undefined

অৱশ্যে চুৰি বাইক সহ কৰায়ত্ব কৰা দুই চোৰক একাংশ ৰাইজে উত্তম মধ্যম দি থকাৰ সময়তে নিকাছি আৰক্ষীয়ে উন্মক্ত জনতাৰ ৰোষৰ পৰা উদ্ধাৰ কৰি চোৰ দুজনক নিজৰ জিম্মাত লয় ৷ ধৃত দুৰ্ধৰ্ষ বাইক চোৰ দুটা ক্ৰমে বৰবৰীৰ হিৰঞ্জয় বড়ো আৰু লামিদাৰাৰ ৰতন পাটগিৰি ৷ আনহাতে ঘটনাস্থলীৰ পৰা কৌশলেৰে পলায়ন কৰা চোৰটো মুছলপুৰৰ পবিত্ৰ হালৈ বুলি জানিব পৰা গৈছে । উল্লখ্য যে ধৃত দুই বাইক চোৰে দীৰ্ঘদিন ধৰি সহযোগীৰ সৈতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ বাক্সা জিলাৰ বিভিন্ন ঠাইৰ পৰা বিগত সময়ত কেবাখনো বাইক চুৰি কৰি বহি:ৰাজ্যত বিক্ৰী কৰি আহিছিল ।

Intro:ৰাজ্যত সক্ৰিয় গাড়ী চুৰি চক্ৰ
মুছলপুৰত চুৰি বাইকসহ দুই দুৰ্ধৰ্ষ চোৰ আৰক্ষীৰ জালত
ৰাজ্যত পুনৰ সক্ৰিয় গাড়ী চুৰি চক্ৰ। বাক্সাত চুৰি বাইকসহ আটক দুই দুৰ্ধৰ্ষ বাইক চোৰ। অৱশ্যে আন এটা চোৰ ঘটনাস্থলীৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হয়
Body:বাক্সা জিলাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণপুৰত ৰাইজৰ হাতত চুৰি বাইকসহ কৰায়ত্ব হল দুই দুৰ্ধৰ্ষ বাইক চোৰ । নিশা জিলাখনৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰী গাঁওৰ ৰাতুল মুছাহাৰীৰ মাত্ৰ ডেৰ মাহ আগতে ক্ৰয় কৰা নতুন গ্লেমাৰ বাইকখন চুৰি কৰি আনিছিল ধৃত চোৰ দুজনে ৷ আজি চুৰি হোৱা বাইকখন ডুমুনী অঞ্চলত থকাৰ সম্ভেদ পাই ৰাতুল মুছাহাৰীয়ে বিচাৰ খোচাৰ কৰি থকাৰ সময়তে বাইক লৈ ডুমুনীৰ পৰা পলায়নৰ চেষ্টা কৰে চোৰ কেইজনে ৷ কিন্তু নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণপুৰত ৰাইজৰ সহযোগত বাইকসহ দুজন চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ যদিও এটা চোৰ পলায়ণ কৰিবলৈ সক্ষম হয়। অৱশ্যে চুৰি বাইক সহ কৰায়ত্ব কৰা দুই চোৰক একাংশ ৰাইজে উত্তম মাধ্যম দি থকাৰ সময়ত নিকাছি আৰক্ষীয়ে উন্মত্ত জনতাৰ ৰোষৰ পৰা উদ্ধাৰ কৰি চোৰ দুজনক নিজৰ জিম্মাত লয় ৷ ধৃত দুৰ্ধৰ্ষ বাইক চোৰ দুটা ক্ৰমে বৰবৰীৰ হিৰঞ্জয় বড়ো আৰু লামিদাৰাৰ ৰতন পাটগিৰি ৷ আনহাতে ঘটনাস্থলীৰ পৰা কৌশলেৰে পলায়ণ কৰা চোৰটো মুছলপুৰৰ পবিত্ৰ হালৈ বুলি জানিব পৰা গৈছে ।
Conclusion:উল্লখ্য যে ধৃত দুই বাইক চোৰে দীৰ্ঘদিন ধৰি সহযোগীৰ সৈতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ বাক্সা জিলাৰ বিভিন্ন ঠাইৰ পৰা বিগত সময়ত কেবাখনো বাইক চুৰি কৰি বহি:ৰাজ্যত বিক্ৰী কৰি আহিছিল যদিও আজি অৱশেষত ৰাইজৰ হাতত ধৰা পৰি ৰঙাঘৰত সোমাবলগীয়া হল ৷ বোলো এইয়াকে কয় এশ গৰু খালে বাঘৰো মৰণ ৷

Byte :
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.