ETV Bharat / state

বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত দুৰ্নীতি - অভিযন্তা

গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ একাংশ কৰ্মচাৰীৰ কৃপাত দুটা বছৰেও সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত দুৰ্নীতি
author img

By

Published : Feb 24, 2019, 10:16 PM IST

বাক্সা,২৪ফেব্ৰুৱাৰী: বাক্সাৰ গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত কুৰিটা ভিচিডিতসংঘটিত হৈছেপ্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ জালিয়াতি। দুৰ্নীতিৰ শূণ্য সহনশীলতাৰ শ্ল'গান আউৰাই থকা বিজিপি চৰকাৰৰ দিনতে এতিয়া দুৰ্নীতিয়ে ভৰিছে চৰকাৰী কাৰ্যালয় ৷ অভিযোগ অনুসৰি গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ কনিষ্ঠ অভিযন্তা ফৰমান আলিৰ তত্ত্বাৱধানত থকা নাওকাটা ভিচিডিচিত পিএম এ ৱাই গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ কনিষ্ঠ অভিযন্তা ফৰমান আলি আৰু নাওকাটা ভিচিডিচিৰ প্ৰাক্তন সচিব মনেশ্বৰ বড়োই প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে হিতাধিকাৰীক ৷ ফলত দুটা বছৰেও সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহসমূহ ৷

বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানতদুৰ্নীতি

আনহাতেগৃহৰ ধনসমূহ হিতাধিকাৰীয়ে লাভ কৰে যদিও প্ৰতাৰণা কৰি কাৰ্যালয়টোৰ একাংশ বিষয়াই অৰ্ধনিৰ্মিত গৃহসমূহৰআলোকচিত্ৰতুলি ধন মোকলাই আত্মসাত কৰাৰ অভিযোগ উঠাইছে একৈংস ভুক্তভুগিয়ে ৷ইতিমধ্যে আঁচনিৰ সমুদায় ধন মোকলাই নিয়াত আৰক্ষীৰ ওচৰ চাপিছে ভুক্তভুগি হিতাধিকাৰীসকল ।

দুৰ্নীতি নিৰ্মূলৰ প্ৰতিশ্ৰুতিৰ শ্ল'গান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনে এনে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষনীয় ৷

Intro:বাক্সাৰ গোৰেশ্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত  সংঘটিত হৈছে ব্যাপক দুৰ্ণীতি ৷

Body:বাক্সা জিলাৰ গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত কুৰিটা ভিচিডিত  সংঘটিত হৈছে  প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ নামত  জ্বলা কলা খোৱাইছে হিতাধীকাৰীক ৷
গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ কৰ্মচাৰী আৰু বিটিচি পৰিষদীয়  প্ৰশাসনৰ একাংশ ভিচিডিচিৰ অধ্যক্ষ ( চেয়াৰমেন)আৰু সদস্য, (মেম্বাৰ)য়ে মিলি চলাইছে হিতাধীকাৰীৰ একাউণ্টৰ পৰা ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে সৰ্বত্ৰতে ৷
যাৰ ফলত  শ শ আৱাস গৃহ অৰ্ধনিৰ্মিত হৈ আছে গাৱে গাৱে ৷ একাংশ কৰ্মচাৰী আৰু ভিচিডিচিৰ চেয়াৰমেনৰ মিতিৰালিৰ বাবে দুই তিনি বছৰতো সম্পূৰ্ণ হোৱা নাই পিএম এ ৱাইৰ আচনিৰ শ শ গৃহ৷

Conclusion:দুৰ্নীতিৰ শূন্য সহনশীলতাৰ শ্লোগান আউৰাই থকা  বিজিপি চৰকাৰৰ দিনতে এতিয়া দুৰ্ণীতিৰ ভৰিছে চৰকাৰী কাৰ্যালয় ৷পৰিৱৰ্তনকামী মিত্ৰজোঁটত চৰকাৰৰ লগত থকা তথা মডেল বিটিচিৰ সপোন দেখুৱা হাগ্ৰামাৰ মহিলাৰীৰ মডেল বিটিচিত সংঘটিত হৈছে এই ব্যাপক দুৰ্ণীতি ৷ বিগত দুই বছৰত দুৰ্ণীতি কৰিছে গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী আৰু ভিচিডিচিৰ চেয়াৰমেনে ৷
অভিযোগ অনুসৰি গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ কণিষ্ঠ অভিযন্তা ফৰমান আলিৰ তত্ত্বাৱধানত থকা নাওকাটা ভিচিডিচিত পিএম এ ৱাই গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্ণীতি ৷ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ JE ফৰমান আলি আৰু নাওকাটা VCDC ৰ প্ৰাক্তন চেয়াৰমেন মনেশ্বৰ বড়োই প্ৰতাৰণা কৰিছে হিতাধিকাৰীক ৷ফলত দুই এক বছৰেও সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহসমূহ ৷আনহাতে  গৃহৰ ধনসমুহ হিতাধিকাৰীয়ে লাভ কৰে যদিও প্ৰতাৰণা কৰি চেয়াৰমেনজনে ধন আত্মসাত কৰাৰ অভিযোগ কৰিছে হিতাধিকাৰীয়ে৷আনহাতে কেৱল নিজৰ পকেট গৰম কৰাৰ বাবেই কাৰ্যালয়ৰ একাংশ বিষয়াই মিতিৰালি কৰি  অৰ্ধনিৰ্মিত গৃহসমূহৰ  আলোকচিত্ৰ  তুলি ধন মোকলাই আত্মসাত কৰাৰ অভিযোগ উঠিছে৷  হিতাধিকাৰীসকলে গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত তাত-বাটি কাঢ়িও কোনো সুফল পোৱা নাই সাধাৰণ হিতাধিকাৰীসকলে৷ ইতিমধ্যে আচনিৰ সমুদায় ধন মেকলাই নিয়া বুলি সহায়ৰ বাবে আৰক্ষীৰ ওচৰ চাপিছিল যদিও আৰক্ষীও গোচৰ ৰজু কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উচ্চাৰিত হৈছে৷  উল্লেখ্য যে কেৱল নাওকাটা VCDC তে অধ্যক্ষ মনেশ্বৰ বড়োই ৭৭ টা পি এম এ ৱাই গৃহৰ কামৰ বিষয়া কৰ্মচাৰীৰে মিলি আত্মসাত কৰিছে৷ কেৱল যে নাওকাটা ভিচিডিচিতে এনে নহয়৷ গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ  কাৰ্যালয়ৰ অন্তৰ্গত কুৰিটা ভিচিডিচ শ শ  আৱাস গৃহ বিগত দুই তিনি বছৰেও সম্পূৰ্ণ নহল৷ এই সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ বিষয়াগৰাকীক
সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিষয়া গৰাকীয়ে  হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ নামত দুৰ্ণীতি কৰা লোকসকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে৷ আনহাতে সাংবাদিকৰ আগত কাৰ্যালয়ৰ চাফাই গোৱা খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে হিতাধিকাৰীসকলক কেতবোৰ চালে বেৰে কোবোৱা কথা কোৱা বুলিও অভিযোগ উত্থাপিত হৈছে৷ দূৰ্নীতি নিৰ্মূলৰ প্ৰতিশ্ৰুতিৰ শ্লোগান বিজেপি নেতৃত্বাধীন চৰকাৰখনে এইসকল দূৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষনীয় হব৷

ভাষ্য- খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ বিষয়া

Ajit Rabha Baksa
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.