ETV Bharat / sports

টকিঅ' অলিম্পিক: পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ সৌৰভ চৌধুৰীৰ

author img

By

Published : Jul 24, 2021, 4:46 PM IST

টকিঅ' অলিম্পিকত (Tokyo Olympic) শ্বুটিঙৰ জৰিয়তে পদক লাভৰ আশা ভাৰতৰ । পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিলে সৌৰভ চৌধুৰীয়ে । অভিষেক বাৰ্মাৰ নিৰাশাজনক প্ৰদৰ্শন ।

Saurabh Chaudhary fires his way in to final
পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ সৌৰভ চৌধুৰীৰ

স্পৰ্টছ ডেস্ক, ২৪ জুলাই : শনিবাৰে টকিঅ' অলিম্পিকৰ (Tokyo Olympic) দ্বিতীয় দিনটোত ভাৰতলৈ আহিছে এটাৰ পাছত আনটো সু-খবৰ । ভাৰোত্তোলনত মীৰাবাই চানুৱে (Mirabai Chanu) ৰূপৰ পদক অৰ্জন কৰাৰ লগতে আৰ্চাৰী, শ্বুটিং আৰু হকীতো সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে ভাৰতীয় খেলুৱৈয়ে । শ্বুটিঙৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে সৌৰভ চৌধুৰীয়ে (Saurav Choudhury)। ৫৮৬ৰ স্ক'ৰেৰে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিলে সৌৰভ চৌধুৰীয়ে ।

আনহাতে, অভিষেক বাৰ্মাই লেহেমীয়া গতিৰে আৰম্ভণি কৰাৰ পিছত তেওঁৰ প্ৰদৰ্শনত যথেষ্ট উন্নতি ঘটে । কিন্তু পাছত চূড়ান্ত শৃংখলাত তেওঁ ১৭ নম্বৰ ৰেংকিঙলৈ আহে । মুঠ ৫৭৫ স্ক'ৰতে তেওঁ থমকি ৰ'বলগীয়া হয় । পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ চূড়ান্ত প্ৰতিযোগিতা ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২ বজাত অনুষ্ঠিত কৰা হৈছে ।

এতিয়া চূড়ান্ত প্ৰতিযোগিতাৰ বাবে সকলোৱে আশাৰে অপেক্ষা কৰি আছে । সৌৰভ চৌধুৰীয়ে পদক অৰ্জনৰ সম্ভাৱনা অধিক হৈ পৰিছে ।

লগতে পঢ়ক:টকিঅ' অলিম্পিক: হকীত নিউজিলেণ্ডক ৩-২ গ’লত পৰাস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.