ETV Bharat / sports

লাভলীনাৰ জীৱনৰ জনা-নজনা কিছু কথা - লাভলীনাৰ প্ৰথম গৰাকী প্ৰশিক্ষক

বুধবাৰে, টকিঅ’ অলিম্পিকৰ 69 কিলোগ্ৰাম শাখাৰ বক্সিঙত ছেমিফাইনেলত তুৰ্কীৰ বক্সাৰ বুচেনাছ চাৰমেনেলী(Busenaz Surmeneli)ৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা । এই সময়তে সংবাদ-মাধ্যমৰ সমুখত বক্সাৰ গৰাকীৰ অতীতৰ আৰু বৰ্তমানৰ বহু নজনা দিশ উন্মোচন কৰে তেওঁৰ সৈতে ঘনিষ্ঠ একাংশ লোকে ৷

লাভলীনাৰ জীৱনৰ জনা-নজনা কিছু কথা
সৰুৰে পৰা ডাঙৰ মঞ্চৰ সন্ধান আছিল লাভলীনাৰ
author img

By

Published : Aug 3, 2021, 1:32 PM IST

Updated : Aug 3, 2021, 3:35 PM IST

সৰুপথাৰ, 3 আগষ্ট : অনাগত ৪ আগষ্ট তাৰিখে টকিঅ' অলিম্পিকত মহিলা বক্সিঙৰ ছেমিফাইনেলত অৱতীৰ্ণ হ’ব অসম-কন্যা লাভলীনা বৰগোঁহাই ৷ ছেমিফাইনেলত তুৰ্কীৰ বক্সাৰ বুচেনাছ চাৰমেনেলী(Busenaz Surmeneli)ৰ বিৰুদ্ধে বক্সিং ৰিঙত নামিব লাভলীনা । স্বাভাৱিকতেই সমগ্ৰ দেশৰ লগতে লাভলীনাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে বক্সাৰ গৰাকীৰ গৃহ স্থান বৰপথাৰৰবাসী ।

লাভলীনাৰ জীৱনৰ জনা-নজনা কিছু কথা

সকলোৰে লগতে, লাভলিনাই মাধ্যমিক শিক্ষা গ্ৰহণ কৰা বৰপথাৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলো আশাবাদী লাভলীনাক লৈ ৷ টকিঅ'ৰ পৰা সোণৰ পদক অৰ্জন কৰি দেশৰ লগতে ৰাজ্যৰ খনলৈ প্ৰথম অসমীয়া মহিলা অলিম্পিয়ান হিচাপে গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী লাভলীনাৰ শিক্ষাগুৰু সকলো । ইয়াৰ লগতে, লাভলিনাৰ শৈক্ষিক জীৱনৰ নজনা বহু কথাই সংবাদ মাধ্যমক অৱগত কৰে তেওঁ পঢ়া বিদ্যালয় খনৰ শিক্ষগুৰু সকলে । লাভলীনাৰ এসময়ৰ বিদ্যালয়ৰ সহপাঠী এগৰাকীয়েও জনালে লাভলীনাৰ জীৱনৰ নজনা বহু কথা ।

বিশেষকৈ লাভলীনাই বিদ্যালয়ৰ দিনত খেল প্ৰতিযোগিতা সমূহত পোৱা পুৰস্কাৰ সমুহৰ বিষয়েও সহপাঠী গৰাকীয়ে জানিবলৈ দিয়ে । ঘাত-প্ৰতিঘাতৰ মাজেৰে বক্সিং ৰিঙলৈ লাভলীনাই কৰা কণ্টকময় যাত্ৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে । ইপিনে, লাভলীনাৰ ক্ৰীড়া জীৱনৰ প্ৰথম গৰাকী প্ৰশিক্ষকেও জনালে লাভলীনাৰ ক্ৰীড়া জীৱনৰ বিষয়ে ।

লগতে পঢ়ক : শুভ জন্মদিন সুনীল ছেত্ৰী

Last Updated : Aug 3, 2021, 3:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.