ETV Bharat / sports

সোণৰ হৃদয় : প্ৰশিক্ষণৰ সময়ত যাতায়াতত সহায় কৰা ট্ৰাক চালকক কৃতজ্ঞতা মীৰাবাঈ চানুৰ

author img

By

Published : Aug 6, 2021, 7:59 PM IST

কৃতজ্ঞতা প্ৰকাশৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ভাৰোত্তোলক চাইখম মীৰাবাঈ চানুৱে ৷ প্ৰশিক্ষণৰ সময়ত বিনামূলীয়াকৈ যাতায়াতত সহায় কৰা ট্ৰাকচালক সকলক সম্বৰ্ধনা জনালে খেলুৱৈগৰাকীয়ে ৷

Olympian Mirabai Chanu Rewards Truck Drivers Who Gave Her Free Lifts During Training Days
সোণৰ হৃদয়: প্ৰশিক্ষণৰ সময়ত যাতায়াতত সহায় কৰা ট্ৰাক চালকক কৃতজ্ঞতা মীৰাবাঈ চানুৰ

নিউজ ডেস্ক, 6 আগষ্ট : কৃতজ্ঞতা জ্ঞাপন হ’ল এক অন্যতম ধুনীয়া অনুভৱ ৷ কৃতজ্ঞতা প্ৰকাশে আমাক সেইসকল মানুহক মনত কৰিবলৈ শিকাই যিসকলে দুৰ্দিনত আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে ৷ টকিঅ’ অলিম্পিক 2021ত দেশৰ বাবে প্ৰথমটো পদক আজুৰি আনিবলৈ সক্ষম হোৱা ভাৰোত্তোলক চাইখম মীৰাবাঈ চানুৱে প্ৰদৰ্শন কৰিলে কৃতজ্ঞতা প্ৰকাশৰ উৎকৃষ্ট নিদৰ্শন ৷

এই বিজয় যাত্ৰাত তেওঁক সহায় আগবঢ়োৱা লোকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ভাৰোত্তোলক গৰাকীয়ে ৷ এই বাতৰি প্ৰকাশৰ পিছতেই ভাৰোত্তোলক গৰাকীৰ মহানুভৱতাক শলাগিছে সকলোৱে ৷

উল্লেখ্য যে, ইম্ফলৰ স্পৰ্টছ একাডেমীৰ পৰা চানুৰ গাঁও নোংপোক কাক’ছিঙলৈ 30 কিলোমিটাৰ বাট ৷ কিন্তু চানুৰ গাঁওখন অতি পিছপৰা হোৱা বাবে যাতায়াতৰ সুবিধা তেনেই তাকৰ ৷ আনহাতে, দুখীয়া পৰিয়ালৰ হোৱা বাবে চানুৰ বাবে ব্যক্তিগত বাহনৰ ব্যৱস্থা কৰাটোও কঠিন আছিল ৷

লগতে পঢ়ক: কোন হয় মীৰাবাই চানু ?

স্পৰ্টছ একাডেমীলৈ যোৱাৰ বাবে ছানুৱে প্ৰায়ে বালি কঢ়িওৱা ট্ৰাকচলক সকলৰ পৰা সহায় বিচাৰিছিল ৷ এই ট্ৰাকচালক সকলে চানুক একাডেমীলৈ অনা নিয়া কৰিছিল ৷

দেশৰ হৈ সন্মান অৰ্জনৰ পিছতো চানুৱে তেওঁলোকৰ সহায়ক পাহৰি যোৱা নাছিল ৷ ইয়াৰ বিপৰীতে নিজৰ জয়ৰ পিছতে চানুৱে অনুশীলনৰ সময়ছোৱাত তেওঁক সহায় কৰা ট্ৰাক চালকসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷

চানুৱে প্ৰায় 150 গৰাকী ট্ৰাক চালকক তেওঁলোকৰ নিস্বাৰ্থ সহায়ৰ বাবে একোটাকৈ চাৰ্ট আৰু একোখন মণিপুৰী স্কাৰ্ফেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তেওঁ লগতে কয় যে, তেওঁৰ সপোন কেতিয়াও সাৰ্থক নহ’লহেতেন যদি এই ট্ৰাক চালকসকলে তেওঁক সহায় নকৰিলেহেতেন ৷

চানুৰ এই কাৰ্যই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: ৰিঅ' অলিম্পিকে বহু কথা শিকাই থৈ গৈছিল: মীৰাবাই চানু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.