স্পৰ্টছ ডেস্ক,৩০ জানুৱাৰী : অহা ৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব গ্ৰেণ্ড শ্লাম অষ্ট্ৰেলিয়ান অ'পেন টেনিছ প্ৰতিযোগিতা । ইতিমধ্য়ে বিশ্বৰ তাৰকা টেনিছ খেলুৱৈৰ আগমণ হৈছে অষ্ট্ৰেলিয়াৰ মেলৱৰ্ণলৈ । ইয়াৰ মাজতে অষ্ট্ৰেলিয়ান অ'পেনৰ সঞ্চালক ক্ৰেগ টাইলে শনিবাৰে জনাই যে দুই সপ্তাহৰ বাবে কোৱাৰেণ্টাইনলৈ যোৱা খেলুৱৈ আৰু বিষয়াসকলক শনিবাৰে মাজনিশাৰ ভিতৰত মুকলি কৰি দিয়া হ'ব । মেলবৰ্ণ আৰু এডেলাইটত অৱতৰণ কৰা ১৭ খন চাৰ্টৰ্ড বিমানেৰে উপস্থিত হোৱাৰ পিছত ১৪ জানুৱাৰীৰ পৰা খেলুৱৈ আৰু বিষয়াসকল কোৱাৰেণ্টাইনত আছে ।
উল্লেখ যে খেলুৱৈ আৰু দলসমূহ অহা চাৰ্টাৰ্ড বিমান সমূহৰ ভিতৰত তিনিগৰাকী ক'ভিড-১৯ ত আক্ৰান্ত আছিল যাৰ বাবে ৭২ গৰাকী খেলুৱৈ অনুশীলনৰ সুযোগ নোপোৱাকৈ কঠোৰ কোৱাৰেণ্টাইনলৈ যাব লগা হয় । ইফালে কঠোৰ কোৱাৰেণ্টাইনত নথকা আন খেলুৱৈসকলক অনুশীলনৰ বাবে দৈনিক ৫ ঘন্টাকৈ সময় দিয়া হৈছে ।
টাইলে কোৱা মতে কঠোৰ লক ডাউনত থকা খেলুৱৈসকলক তেওঁলোকৰ সময়সূচী আৰু প্ৰশিক্ষণ সুবিধাৰ প্ৰৱেশৰ সৈতে প্ৰাথমিকতা দিয়া হৈছে । লগতে তেওঁ উল্লেখ কৰে যে প্ৰতিযোগিতা খন সুন্দৰভাৱে পৰিচালনাৰ বাবে সকলো খেলুৱৈৰ কোৱাৰেণ্টেইন আৰু অ'পেন আৰম্ভৰ মাজত কমেও ৯ দিনৰ সময়ৰ প্ৰয়োজন হ'ব ।
টাইলে কোৱা মতে সকলো খেলুৱৈকে কোৱাৰেণ্টাইনৰ পিছত নিজকে খেলৰ বাবে প্ৰস্তুত কৰিবলৈ ৯ দিনৰ সময় দিয়া হৈছে অৱশ্য়ে বতৰে বিঘ্নিত কৰিলে বা কোনো খেলুৱৈ যদি অসুস্থ হয় তেনেহলে খেলৰ সূচী পৰিৱৰ্তন হ'ব পাৰে বুলিও জনাই অষ্ট্ৰেলিয়া অ'পেনৰ সঞ্চালক গৰাকীয়ে ।
লগতে পঢ়ক :আইচিচিয়ে নিৰ্বাচিত ক্ৰিকেটাৰক প্ৰতিমাহে দিব বিশেষ বঁটা