স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ: দেওবাৰে চুইটজাৰেলেণ্ডৰ খেলুৱৈ ষ্টান ৱাৱেৰিংকাক পৰাস্ত কৰি ইউৰোপিয়ান অ’পেনৰ খিতাপ দখল আমেৰিকাৰ টেনিছ খেলুৱৈ এণ্ডি মাৰেৰ ৷ হিপ্ছৰ আঘাতৰ পিচতেই মাৰেৰে এইটো প্ৰথমটো এটিপি খিতাপ ৷

দুই ঘণ্টা 27 মিনিটলৈ চলা ফাইনেল মেচখনত 3-6, 6-4, 6-4 ছেটত ৱাৱেৰিংকাক পৰাস্ত কৰি জয় লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ এই জয়ৰ পাচত মাৰেয়ে কয়,
মোৰ বাবে এইটো জয় বহু গুৰুত্বপূৰ্ণ ৷ মই যি পৰিস্থিতিত আছিলো,আশা কৰা নাছিলো খিতাপ জয় কৰিবলৈ সক্ষম হ’ম ৷ মই এই জয়ক লৈ যথেষ্ট সুখী ৷