ETV Bharat / sports

এটিপিঃ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত সুমিত নাগাল

author img

By

Published : Oct 7, 2019, 1:01 PM IST

কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত ভাৰতৰ যুৱ টেনিছ তাৰকা সুমিত নাগাল ৷ সোমবাৰে প্ৰকাশ পোৱা এটিপি ৰেকিংঙত 129 স্থান দখল নাগালৰ ৷

এটিপিঃ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত সুমিত নাগাল

স্পৰ্টছ ডেস্ক, 07 অক্টোবৰঃ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত উপনীত হ’ল ভাৰতৰ যুৱ টেনিছ তাৰকা সুমিত নাগাল ৷ সোমবাৰে প্ৰকাশ পোৱা এটিপি ৰেংকিঙত 129 স্থান দখল কৰিবলৈ সক্ষম হৈছে যুৱ প্ৰতিভাৱান খেলুৱৈ নাগাল ৷ ইয়াৰ পূৰ্বে ব্য়ুনছ এয়াৰ্ছৰ খিতাপ দখল কৰি এটিপি ৰেংকিঙৰ 136 স্থান দখল কৰিবলৈ সক্ষম হৈছিল নাগালে ৷

কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ট ৰেংকিঙত ভাৰতৰ যুৱ টেনিছ তাৰকা সুমিত নাগাল

আনহাতে প্ৰকাশ পোৱা ৰেংকিঙৰ শীৰ্ষ দহটা স্থানৰ কোনো সাল-সলনি ঘটা নাই ৷ ছাৰ্বিয়াৰ ন’ভাক জ’ক’ভিজ প্ৰথম স্থানত থকাৰ বিপৰীতে স্পেইনৰ ৰাফেল নাডাল দ্বিতীয় আৰু চুইজাৰলেণ্ডৰ ৰ’জাৰ ফেডেৰৰ অধিষ্ঠিত আছে তৃতীয় স্থানত ৷

ETV SPORTS- IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.