ETV Bharat / sports

টেনিছত ফেডেৰাৰৰ বিৰুদ্ধে ছেট দখল কৰা প্ৰথম গৰাকী ভাৰতীয় সুমিত নাগাল

author img

By

Published : Aug 27, 2019, 3:20 PM IST

ৰ'জাৰ ফেডেৰাৰৰ বিৰুদ্ধে এটা ছেট দখল কৰা প্ৰথম গৰাকী ভাৰতীয় টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হ'ল সুমিত নাগাল ৷ ইউএছ অ'পেনৰ প্ৰথম ৰাউণ্ডতে ফেডেৰাৰক 6-4 ছেটত পৰাস্ত কৰে সুমিতে ৷

টেনিছত ফেডেৰাৰৰ বিৰুদ্ধে ছেট দখল কৰা প্ৰথম গৰাকী ভাৰতীয় সুমিত নাগাল

স্পৰ্টছ ডেস্ক, 27 আগষ্ট : ৰ'জাৰ ফেডেৰাৰৰ বিৰুদ্ধে এটা ছেট দখল কৰা প্ৰথম গৰাকী ভাৰতীয় টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হ'ল সুমিত নাগাল ৷ ইউএছ অ'পেনৰ প্ৰথম ৰাউণ্ডতে বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা সকলৰ অন্যতম ছুইজাৰলেণ্ডৰ ফেডেৰাৰৰ বিৰুদ্ধে কঠিন প্ৰতিদ্বন্দিতা আগবঢ়াই ভাৰতীয় খেলুৱৈ গৰাকীয়ে ৷ প্ৰথম ছেটটোত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই সুমিতে 6-4 ত দখল কৰিবলৈ সক্ষম হয় ৷ আনহাতে, 22 বৰ্ষীয় সুমিত পৰিগণিত হ'ল ইউএছ অ'পেনত ফেডেৰাৰৰ বিৰুদ্ধে প্ৰথমটো ছেট দখল কৰা চতুৰ্থ গৰাকী খেলুৱৈ হিচাপে ৷

ইয়াৰ পূৰ্বে নেডাৰলেণ্ডৰ পিটাৰ ৱেছেলছ, আৰ্জেন্টিনাৰ জ'ছ একাছুছ' আৰু আমেৰিকাৰ ফ্ৰান্সেছে ফেডেৰাৰৰ বিৰুদ্ধে ইউএছ অ'পেনত প্ৰথমটো ছেট দখল কৰিবলৈ সক্ষম হৈছিল ৷

ভাৰতীয় টেনিছ খেলুৱৈ সুমিত নাগাল

উল্লেখ্য যে, প্ৰথমটো ছেটত জয়ী হ'লেও বাকী কেইটা ছেটত ছন্দপতন ঘটে সুমিত নাগালৰ ৷ 38 বৰ্ষীয় ফেডেৰাৰে সুমিতক অৱশেষত 6-4, 1-6, 2-6, 4-6 ছেটত বিধ্বস্ত কৰে ৷ শুকুৰবাৰে নাগালে ইউএছ অ'পেনৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ৷ যোৱা 25 বছৰত কোনো গ্ৰেণ্ডশ্লামৰ বাবে যোগ্যতা অৰ্জন কৰা কনিষ্ঠ ভাৰতীয় হিচাপে পৰিগণিত হৈছে সুমিত নাগাল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.