ETV Bharat / sports

ডুবাই অ’পেনৰ পৰা বাহিৰ ছানিয়া মিৰ্জা

author img

By

Published : Feb 20, 2020, 7:14 PM IST

দ্বিতীয় ৰাউণ্ডত 2-6, 4-6 ছেটত পৰাস্ত ছানিয়া আৰু গাৰ্ছিয়াৰ যুটি ৷ ইয়াৰ লগে-লগে ছানিয়া আৰু গাৰ্ছিয়াৰ সমাপ্ত ডুবাই অ’পেনৰ যাত্ৰা ৷

ডুবাই অ’পেনৰ পৰা বাহিৰ ছানিয়া মিৰ্জা
ডুবাই অ’পেনৰ পৰা বাহিৰ ছানিয়া মিৰ্জা

স্পৰ্টছ ডেস্ক, 20 ফেব্ৰুৱাৰীঃ ছানিয়া মিৰ্জাৰ অনুৰাগীলৈ দুঃখবৰ ৷ ডুবাই অ’পেনত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ল ছানিয়া আৰু গাৰ্ছিয়াৰ যুটিটো ৷ বুধবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় ৰাউণ্ডত চীনৰ ঝাংগ চাইচাই আৰু চেক গণৰাজ্যৰ বাৰবোৰা ক্ৰেছীকোভাৰ বিৰুদ্ধে 2-6, 4-6 ছেটত পৰাস্ত হয় ছানিয়া আৰু গাৰ্ছিয়াই ৷ ইয়াৰ পূৰ্বে ফ্ৰান্স আৰু শ্ল'ভেনিয়াৰ প্ৰতিদ্বন্দী খেলুৱৈক পৰাস্ত কৰি ডুবাই অ'পেনৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছিল ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ লগতে তেওঁৰ সহযোগী কেৰ'লিন গাৰ্ছিয়াই ৷

ছানিয়া মিৰ্জা
ছানিয়া মিৰ্জা

ফ্ৰান্সৰ অল্লা কুদ্ৰীয়াভটছেৱা আৰু শ্ল'ভেনিয়াৰ কেটৰিণা শ্ৰেবটনিক 6-4, 4-6 আৰু 10-8 ছেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পূৰ্বে আঘাতৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল ছানিয়াই ৷ আনহাতে মাতৃত্বৰ দুটা বছৰৰ পাচত টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ছানিয়া আৰু ইউক্ৰেইনৰ নাডিয়া কিচন’কৰ যুটিটোৱে ৷

অষ্ট্ৰেলিয়াত ‘‘আইচিচি মহিলা টি-20 ক্ৰিকেট বিশ্বকাপ 2020’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.