ETV Bharat / sports

ছিনছিনাটী মাষ্টাৰ্ছ প্ৰতিযোগিতাত পৰাস্ত ফেডেৰৰ - প্ৰী-কোৱাৰ্টাৰ ফাইনেল

বিশ্ব ৰেংকিঙৰ 70 সংখ্যক খেলুৱৈৰ হাতত পৰাস্ত ৰ’জাৰ ফেডেৰৰ ৷ ছিনছিনাটী মাষ্টাৰ্ছ প্ৰতিযোগিতাৰ প্ৰী-কোৱাৰ্টাৰ ফাইনেলত 6-3, 6-4 ছেটত পৰাস্ত ফেডেৰৰ ৷

ছিনছিনাটী মাষ্টাৰ্ছ প্ৰতিযোগিতাত পৰাস্ত ফেডেৰৰ
author img

By

Published : Aug 16, 2019, 4:06 PM IST

স্পৰ্টছ ডেস্ক, 16 আগষ্টঃ ধৰাশায়ী হ’ল ছিনছিনাটী মাষ্টাৰ্ছ প্ৰতিযোগিতাৰ 7 বাৰৰ চেম্পিয়ন ছুইটজাৰলেণ্ডৰ ৰ’জাৰ ফেডেৰৰ ৷ প্ৰতিযোগিতাখনৰ প্ৰী-কোৱাৰ্টাৰ ফাইনেলত ৰুছৰ আন্দ্ৰে ৰুবলেভ হাতত পৰাজয়ৰ সন্মুখীন হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল ৰ’জাৰ ফেডেৰৰ ৷ মেচখনত 6-3, 6-4 ছেটৰ ব্যৱধানত পৰাস্ত হয় ফেডেৰৰ ৷ এতিয়া কোৱাৰ্টাৰ ফাইনেলত একেদেশৰে ডেনিল মেডমেদেৱৰ সৈতে মুখামুখি হ’ব আন্দ্ৰে ৰুবলেভ ৷

ETV BHARAT
প্ৰী-কোৱাৰ্টাৰ ফাইনেলত ৰুছৰ আন্দ্ৰে ৰুবলেভ

পৰাজয়ৰ পিচতে ফেডেৰৰ কয়, বিৰোধী খেলুৱৈয়ে আজি উন্নত খেলৰ প্ৰদৰ্শন কৰিছে ৷ মোৰ বাবে এইখন মেচ আছিল অতি প্ৰত্যাহ্বানমূলক ৷ তেওঁৰ খেলে মোক যথেষ্ট প্ৰভাৱিত কৰিছে ৷

আনহাতে ফেডেৰৰ বিৰুদ্ধে জয় লাভ কৰি ৰুবলেভে কয়, ফেডেৰৰ দৰে মহান খেলুৱৈৰ সন্মুখত খেলাৰ অনুভৱ সুকীয়া ৷ এই মেচখনত মই মোৰ সৰ্বশ্ৰেষ্ঠ দিয়াৰ চেষ্টা কৰিছিলো ৷

IMAGE
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.