ETV Bharat / sports

ফেডেৰৰ অভিলেখ ভংগ নাডালৰ

author img

By

Published : Aug 9, 2019, 7:39 PM IST

এটিপি মাষ্টাৰ্ছ 1000 প্ৰতিযোগিতাত সৰ্বাধিক জয়ৰ অভিলেখ ভংগ ৰাফেল নাডালৰ ৷ ৰ’জাৰ ফেডেৰৰক অতিক্ৰম কৰি এই অভিলেখ স্পেনিছ খেলুৱৈ নাডালৰ ৷

ফেডেৰৰ অভিলেখ ভংগ নাডালৰ

স্পৰ্টছ ডেস্ক, 9 আগষ্টঃ বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানত থকা ৰাফেল নাডালৰ নতুন অভিলেখ ৷ এটিপি মাষ্টাৰ্ছ 1000 প্ৰতিযোগিতাত ফেডেৰৰৰ সৰ্বাধিক জয়ৰ অভিলেখ ভংগ কৰিলে স্পেইনৰ তাৰকা খেলুৱৈগৰাকীয়ে ৷

ৰজাৰ্ছ কাপত বৃহস্পতিবাৰে পুৰুষৰ ছিংগলছ ইভেন্টত অৰ্জেণ্টিনাৰ গুইডো পেলাক 6-3,6-4 ছেটৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় নাডালে ৷ ফেডেৰৰে 379 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ এতিয়া 35 বাৰৰ বাবে 1000 মাষ্টাৰ্ছ খিতাপ জয়ৰ বাবে নিচেই কাষ চাপিছে 18 বাৰৰ গ্ৰেণ্ড শ্লাম বিজয়ী ৰাফেল নাডাল ৷

(ETV SPORTS)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.