ETV Bharat / sports

জ'ক'ভিচৰ আড্ৰিয়া ট্যুৰ টেনিছৰ বাবে ফলপ্ৰসূ নহ'ল : এণ্ডি মাৰে - আড্ৰিয়া ট্যুৰক লৈ প্ৰতিক্ৰিয়া মাৰেৰ

বিশ্বৰ প্ৰাক্তন শীৰ্ষ খেলুৱৈ এণ্ডি মাৰেৰ জ'ক'ভিচৰ সংস্থাৰ দ্বাৰা আয়োজন কৰা আড্ৰিয়া ট্যুৰক লৈ প্ৰতিক্ৰিয়া । সামাজিক দূৰত্বৰ নিয়মৰ অভাৱৰ ফলতেই জ'ক'ভিচৰ আড্ৰিয়া ট্যুৰে টেনিছক বদনাম কৰিলে বুলি কয় খেলুৱৈগৰাকীয়ে ।

Novak Djokovics adria tour hasnt been a good look for tennis says Andy Murray

author img

By

Published : Jun 25, 2020, 12:58 PM IST

স্পৰ্টছ ডেস্ক, 25 জুনঃ ন'বাক জ'ক'ভিচৰ সংস্থাৰ দ্বাৰা আয়োজন কৰা আড্ৰিয়া ট্যুৰত বহু খেলুৱৈ কৰ'ণা পজিটিভ হোৱাৰ পাচতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বৰ প্ৰাক্তন শীৰ্ষ টেনিছ খেলুৱৈ এণ্ডি মাৰেয়ে ।

মাৰেয়ে স্বয়ং শেহতীয়াকৈ এখন চেৰেটি প্ৰতিযোগিতাৰ জৰিয়তে টেনিছ কৰ্টলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিছে । কিন্তু এই প্ৰতিযোগিতা কঠোৰ ভাৱে পালন কৰা হৈছিল সামাজিক দূৰত্বৰ নিয়মাৱলী ।

ন'বাক জ'ক'ভিচ
ন'বাক জ'ক'ভিচ

মাৰেয়ে নিজৰ মেচৰ অন্তত কয়, খেলুৱৈ সকলৰ পাৰ্টীৰ ফটো সমূহ চোৱাৰ পাচত ইয়াত কোনো আচৰিত হ'বলগীয়া কথা নাই যে, কিমান জন লোকক পজিটিভ পোৱা গৈছে । তাত সামাজিক দূৰত্ব মানি চলা হোৱা নাছিল ।

তেওঁ ইয়াৰ লগতে কয়, মই নাভাৱো যে, এইটো (আড্ৰিয়া ট্যুৰ) টেনিছৰ বাবে ফলপ্ৰসূ আছিল । কৰ'ণা ভাইৰাছে নাচাই আমি কোন হয়, কি কৰো । আমাক ইয়াৰ সন্মান আৰু নিয়মৰ সন্মান কৰাৰ অতিকৈ প্ৰয়োজন ।

এই টুৰ্ণামেণ্টৰ চাৰিগৰাকীকৈ খেলুৱৈক কৰ'ণা পজিটিভ পোৱা গৈছিল । তাৰে অন্যতম এজন হৈছে বৰ্তমানৰ বিশ্বৰ এক নম্বৰ খেলুৱৈ ন'ভাক জ'ক'ভিচ । আন তিনিখেলুৱৈ হৈছে-গ্ৰিগোৰ ডিমিট্ৰভ, ব'ৰ্ণা কোৰিক আৰু ভিক্টৰ ট্ৰ'ইকী । আনহাতে জ'ক'ভিচ আৰু ভিক্টৰৰ পত্নীৰ দেহতো কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।

ইয়াৰ পাচতেই এই প্ৰতিযোগিতাৰ আয়োজনক লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে জ'ক'ভিচ । এই অনাকাংক্ষিত ঘটনাৰ পাচতেই জ'ক'ভিচে এই প্ৰতিযোগিতা আয়োজনৰ বাবে ক্ষমা বিচাৰে । কিন্তু তেওঁৰ উদ্দেশ্য নিকা আছিল বুলি কয় খেলুৱৈগৰাকীয়ে ।

লগতে চাওকঃ বাণিজ্য শাখাত চতুৰ্থ স্থান গোলাঘাটৰ জ্ঞানদ্বীপ দুৱৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.