নিউজ ডেস্ক, ৭ জুন : শুকুৰবাৰে ছুইজাৰলেণ্ডৰ টেনিছ তাৰকা ৰ'জাৰ ফেডেৰাৰক পৰাস্ত কৰি ফ্ৰেন্স অ'পেন, ২০১৯ ৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰাফেল নাডাল । ছেমি ফাইনেল মেচত স্পেইনৰ তাৰকা গৰাকীয়ে ফেডেৰাৰক ৬ - ৩, ৬ - ৪, ৬ - ২ ছেটত পৰাস্ত কৰি তেওঁৰ কেৰিয়াৰৰ ১২ সংখ্যক ৰোলাণ্ড গাৰোজ পদক দখলৰ দিশে আগবাঢ়িছে । ২ ঘন্টা ২৫ মিনিট ধৰি চলা মেচখনত জয় লাভেৰে নাডালে ফেডেৰাৰৰ বিৰুদ্ধে ১৬ সংখ্যক ক্লে' কৰ্টৰ মুখামুখিত ১৪ বাৰৰ বাবে জয়লাভ কৰে ।

আনহাতে, আন এখন ছেমিফাইনেলত মুখামুখি হ'ব ন'ভাক জকভিচ আৰু ড'মিনিক থিয়েম । এই ছেমিফাইনেলত জয়েৰে ফাইনেলত প্ৰৱেশ কৰিবলগা খেলুৱৈ জনেৰে টুৰ্ণামেন্টৰ ফাইনেলত খেলিব নাডালে ।