ETV Bharat / sports

এটিপি ফাইনেলছ : ডিফেণ্ডিং চেম্পিয়ন টিছিটছিপাচক পৰাস্ত নাডালৰ

author img

By

Published : Nov 20, 2020, 12:38 PM IST

বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ ৰাফেল নাডাল প্ৰৱেশ কৰিলে এটিপি ফাইনেলছৰ ছেমিত ৷ ডিফেণ্ডিং চেম্পিয়ন ষ্টেফানোছ টিছিটছিপাচক পৰাস্ত কৰে নাডালে ৷

Nadal
ৰাফেল নাডাল

স্পৰ্টছ ডেস্ক, 20 নৱেম্বৰ : চলিত এটিপি ফাইনেলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ ৰাফেল নাডাল ৷ ডিফেণ্ডিং চেম্পিয়ন ষ্টেফানোছ টিছিটছিপাচক পৰাস্ত কৰি ছেমি ফাইনেলৰ পথ প্ৰশস্ত কৰে নাডালে ৷

বৃহস্পতিবাৰে অনুষ্ঠিত মেচত দুঘন্টা পাঁচ মিনিটৰ যুজত নাডালে টিছিটছিপাচক পৰাস্ত কৰে ৷ 6-4, 4-6, 6-2 ছেটত জয়ী হোৱা নাডালে ষষ্ঠবাৰৰ বাবে এই ইভেন্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ জৰিয়তে বছৰটোৰ অন্তিমখন টুৰ্ণামেন্টৰ প্ৰথমটো পদক দখলৰ দিশে এখোজ আগবাঢ়ে নাডাল ৷ Group London 2020 ত 2-1 ৰে স্পেনিছ তাৰকা খেলুৱৈগৰাকীয়ে ডমিনিক থিয়েমৰ পাচতে দ্বিতীয় স্থান দখল কৰিছে ৷

তেওঁ পৰৱৰ্তী মেচত ডেনিল মেডভেডেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ উল্লেখ্য যে, যোৱা বছৰ ফাইনেল ৰাউণ্ড ৰবীন মেচত টিছিটছিপাচক পৰাস্ত কৰিছিল নাডালে ৷ ইয়াৰ পাচতো তেওঁ টুৰ্ণামেন্টৰ পৰা বাহিৰ হ'বলগা হৈছিল ৷ এইবছৰ তেওঁক ছেমি ফাইনেলত প্ৰৱেশৰ বাবে প্ৰয়োজন হোৱা এটা জয় তেওঁ আহৰণ কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয় ছেটত পৰাস্ত হৈও দূৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই ছেমি ফাইনেলৰ পথ প্ৰশস্ত কৰে নাডালে ৷ দুয়োগৰাকী তাৰকা খেলুৱৈৰ মুখামুখিত 6-1 ৰে অগ্ৰগতি লাভ কৰি আছে নাডালে ৷

লগতে পঢ়ক : আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ ন্যূনতম বয়সৰ সীমা 15 বছৰ : আইচিচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.