স্পৰ্টছ ডেস্ক, 28 ডিচেম্বৰ : 2021 চনৰ ফেব্ৰুৱাৰীলৈ স্থগিত কৰা অষ্ট্ৰেলিয়ান অ'পেনৰ বাবে ৱাইল্ড কাৰ্ড লাভ কৰিছে এণ্ডি মাৰেই ৷ আঘাতৰ বাবে দুবছৰ পূৰ্বে অৱসৰ ঘোষণা কৰিছিল যদিও তেওঁ লাভ কৰে এই ৱাইল্ড কাৰ্ড ৷
উল্লেখ্য যে, 2019 চনৰ জানুৱাৰীত এক সংবাদমেল যোগে অৱসৰৰ কথা ঘোষণা কৰি শোকত ভাঙি পৰিছিল পাঁচবাৰৰ অষ্ট্ৰেলিয়ান অ'পেন ফাইনেলিষ্ট মাৰে ৷ সেই সংবাদমেলতে তেওঁ নিজৰ আঘাতৰ কথা বৰ্ণনা কৰিছিল ৷
33 বৰ্ষীয় খেলুৱৈগৰাকীয়ে ভাবিছিল যে, আঘাতৰ বাবে তেওঁৰ কেৰিয়াৰৰ ইমানতে অন্ত পৰিব কিন্তু টেনিছ কৰ্টত তেওঁ পুনৰবাৰ ঘূৰি আহিবলৈ সক্ষম হৈছিল ৷
বৰ্তমান বিশ্ব ৰেংকিঙৰ 122 সংখ্যক স্থানত থকা বাবে মাৰে টুৰ্ণামেন্টত পোনপটীয়াকৈ প্ৰৱেশ লাভ কৰিব পৰা নাছিল ৷ উল্লেখ্য যে, কৰ'ণা ভাইৰাছ আৰু আঘাতৰ বাবে মাৰেই এই বছৰত কেৱল সাতখন মেচত অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : গ্লৱেল ছকাৰ এৱাৰ্ডৰ আলোকচিত্ৰ