ETV Bharat / sports

এটিপি ফাইনেলছত স্বোৱাৰ্টজমেনক পৰাস্ত কৰি ছেমিত মেডভেডেভ

এটিপি ফাইনেলছত ডিয়েগো স্বোৱাৰ্টজমেনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ডেনিল মেডভেডেভৰ ৷ 6-3, 6-3 ছেটত জয়ী হোৱা মেডভেডেভে O2 Arena ত ছেমি ফাইনেলত মুখামুখি হ'ব তাৰকা খেলুৱৈ ৰাফেল নাডালৰ বিৰুদ্ধে ৷

এটিপি ফাইনেলছ
ডেনিল মেডভেডেভ
author img

By

Published : Nov 21, 2020, 1:22 PM IST

স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ : এটিপি ফাইনেলছত ডিয়েগো স্বোৱাৰ্টজমেনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ডেনিল মেডভেডেভে ৷ 6-3, 6-3 ছেটত জয়ী হোৱা মেডভেডেভে O2 Arena ত ছেমি ফাইনেলত মুখামুখি হ'ব তাৰকা খেলুৱৈ ৰাফেল নাডালৰ বিৰুদ্ধে ৷

এই জয়েৰে তেওঁ গ্ৰুপ টকিঅ' 1970 ত 3-0 ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, যোৱা বছৰ এখনো মেচত জয়ী হ'বলৈ সক্ষম হোৱা নাছিল স্বোৱাৰ্টজমেন ৷ ভাৰতীয় সময় অনুসৰি, দেওবাৰে দোকমোকালি ভাগতে নাডাল আৰু স্বোৱাৰ্টজমেনৰ মাজত ছেমি ফাইনেল মেচ অনুষ্ঠিত হ'ব ৷

মেচৰ অন্তত মেডভেডেভে কয়, "মই পূৰ্বৰ দুখন মেচতো ভাল প্ৰদৰ্শন কৰিছিলো ৷ মনোবল বৃদ্ধিৰ বাবে মেচত অপৰাজিত থকা উচিত ৷ এই মেচতো জয়ী হ'ব বিচাৰিছিলো, সেয়েহে জয়ী হৈ মই বহু সুখী ৷ আজি মই ভাল ছাৰ্ভ কৰিবলৈ সক্ষম হৈছিলো, সেয়েহে জয়ী হ'লো ৷"

লগতে পঢ়ক : কোৱাৰিন্টিন নিয়মাৱলীৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব মহম্মদ ছিৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.