স্পৰ্টছ ডেস্ক, 21 জানুৱাৰীঃ অষ্ট্ৰেলিয়ান অ’পেনত পুনৰ অঘটন ৷ ৰ’ড লেবৰ এৰিণাত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ডেই পৰাস্ত হয় ৰুছৰ খেলুৱৈ মাৰিয়া ছাৰাপ'ভা ৷ ক্ৰৱেচিয়াৰ ডোনা ৱেকিকৰ হাতত 6-3, 6-4 ছেটত পৰাজয়ৰ সন্মুখীন হয় ছাৰাপ'ভা ৷ বৰ্তমান বিশ্ব ৰেংকিঙৰ 145 নম্বৰত অধিষ্ঠিত ছাৰাপ'ভা ৷ বৰ্তমানলৈকে তিনিখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাত পৰাজয়বৰণ কৰিবলগীয়া হৈছে মাৰিয়া ছাৰাপ'ভাই ৷
উল্লেখ্য যে, ছাৰাপ'ভাৰ পূৰ্বে সোমবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হৈছিল 7 বাৰৰ উইম্বলডন চেম্পিয়ন ভেনাছ উইলিয়ামছ ৷ অষ্ট্ৰেলিয়া অ’পেনৰ অভিষেক মেচতেই এই অঘটন কৰিবলৈ সক্ষম হৈছিল কোকো গৌফে ৷
- লগতে চাওক- কলগাছিয়াত আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি