ETV Bharat / sports

ইউএছ অ’পেনৰ পৰা আঁতৰিল ৱাৱৰিংকা - ৱাৱৰিংকা

চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টেনিছৰ গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা ইউএছ অ’পেনত অংশগ্ৰহণ নকৰে 2016 বৰ্ষৰ চেম্পিয়ন ষ্টেন ৱাৱৰিংকাই ৷ নিউয়ৰ্কৰ শেহতীয়া পৰিস্থিতিক লৈয়ে এই সিদ্ধান্ত খেলুৱৈগৰাকীৰ ৷

former champion satn wawrinka pulls out of us open

author img

By

Published : Aug 9, 2020, 7:48 PM IST

স্পৰ্টছ ডেস্ক, 9 আগষ্ট : বৰ্ষৰ শেষৰটো গ্ৰেণ্ডশ্লাম ইউএছ অ’পেনত অংশগ্ৰহণৰ পৰা অব্যাহতি ল’লে 2016 বৰ্ষৰ ইউএছ চেম্পিয়ন ষ্টেন ৱাৱৰিংকাই ৷ এই সিদ্ধান্তৰ পাচতেই বিশ্বৰ 17 নম্বৰ খেলুৱৈগৰাকীয়ে কয়,নিউয়ৰ্কত স্বাস্থ্যৰ পৰিস্থিতি ঠিক নহয় ৷ গতিকে এই পৰিস্থিতিত আমেৰিকাত নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷

ইউএছ অ’পেন
ইউএছ অ’পেন

এতিয়া ৱাৱৰিংকাই ফ্ৰেন্স অ’পেনৰ দ্বাৰা টেনিছ কৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিব ৷ ফ্ৰেন্স অ’পেন চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৰ্তমানে পেৰিছত 27 চেপ্তেম্বৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷

উল্লেখ্য যে,দৰ্শকবিহীন ভাৱে অনুষ্ঠিত হ’ব ইউএছ অ’পেন প্ৰতিযোগিতা ৷ কিন্তু ক’ৰণা ভাইৰাছ আৰু অধিক নীতি-নিয়মৰ প্ৰতি লক্ষ্য ৰাখিয়ে বহু খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৷

former champion satn wawrinka pulls out of us open
ৰাফেল নাডাল আৰু এশ্লে বাৰ্টী

আগন্তুক 31 আগষ্টৰ পৰা অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷ ৱাৱৰিংকাৰ পূৰ্বে পুৰুষৰ বিশ্ব টেনিছ ৰেংকিঙৰ দ্বিতীয় খেলুৱৈ ৰাফেল নাডাল,বিশ্বৰ এক নম্বৰ মহিলা খেলুৱৈ এশ্লে বাৰ্টী সহ বহু খেলুৱৈয়ে ইতিমধ্যে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৷ আনহাতে ৰ’জাৰ ফেডেৰৰকো চলিত বৰ্ষৰ ইউএছ অ’পেনত আঁঠুৰ আঘাতৰ বাবে দেখা পোৱা নাযাব কৰ্টত ৷

লগতে চাওক-পুনৰ উত্তপ্ত ‘বাঘজান’ ৰাজপথত বাধা বাঘজানবাসীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.