ETV Bharat / sports

17 সংখ্যক গ্ৰেণ্ডশ্লামৰ দিশে অগ্ৰসৰ জ’ক’ভিজ - ফেডেৰৰক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত ন’বাক জ’ক’ভিজ

ফেডেৰাৰক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত ন’বাক জ’ক’ভিজ ৷ 7-6 (7/1), 6-4, 6-3 ছেটত পৰাজয় ফেডেৰাৰৰ ৷

17 সংখ্যক গ্ৰেণ্ডশ্লাম দিশে অগ্ৰসৰ জ’ক’ভিজ

author img

By

Published : Jan 31, 2020, 5:33 PM IST

স্পৰ্টছ ডেস্ক, 31 জানুৱাৰীঃ ছুইজাৰেণ্ডৰ তাৰকা খেলুৱৈ ৰ’জাৰ ফেডেৰাৰক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ন’বাক জ’ক’ভিজে ৷ বৃহস্পতিবাৰে খেলা ছেমিফাইনেল মেচত 7-6 (7/1), 6-4, 6-3 ছেটত জয় কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় জ’ক’ভিজে ৷ যদিহে ফাইনেলত জ’ক’ভিজে জয় লাভ কৰিবলৈ হয় তেন্তে কেৰিয়াৰৰ 17 সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ অৰ্জন কৰিব ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে ৷

জ’কভিজ বনাম নাডাল
জ’কভিজ বনাম নাডাল

জ’ক’ভিজ আৰু ফেডেৰাৰৰ মাজত এইখন আছিল 50 সংখ্যক মেচ ৷ য’ত জ’ক’ভিজে 27 খন আৰু ফেডেৰাৰে 23 খনত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

জ’ক’ভিজে ইয়াৰ পূৰ্বে 7 বাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে য’ত 7 বাৰেই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে ৷ ইপিনে নাডাল আৰু ফেডেৰাৰ অভিলেখ ভংগ কৰাৰ দিশে দ্ৰুততম গতিত অগ্ৰসৰ হৈছে জ’ক’ভিজ ৷ নাডালৰ নাম 19 টা গ্ৰেণ্ডশ্লাম খিতাপ থকাৰ বিপৰীতে ৰ’জাৰ ফেডেৰাৰৰ নামত আছে 20 টা গ্ৰেণ্ডশ্লাম ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.