স্পৰ্টছ ডেস্ক, 13 মে’: মাদ্ৰিদ অ’পেনৰ চেম্পিয়ন হ’ল বিশ্বৰ 1 নম্বৰ টেনিছ খেলুৱৈ ন’ভাক জ’ক’ভিজ ৷ ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে গ্ৰীছৰ ষ্টেফান’ছ ছিতছিপাছক 6-3, 6-4 ছেটৰ ব্যৱধানত পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷

জ’ক’ভিজৰ এইটো আছিল তৃতীয়টো মাদ্ৰিদ অ’পেনৰ খিতাপ ৷ ইয়াৰ পূৰ্বে 2011 আৰু 2016 ত মাদ্ৰিদ অ’পেনৰ চেম্পিয়নৰ গৌৰৱ লাভ কৰিছিল খেলুৱৈগৰাকীয়ে ৷