ETV Bharat / sports

Asian Games 2023 : আঁঠুৰ আঘাত; এছিয়ান গেমছৰ পৰা আঁতৰিল বিনেশ ফোগাট - Asian games 2023 China

এছিয়ান গেমছ আৰম্ভ হ'বলৈ মাজত মাত্ৰ এটা মাহ বাকী আছে । কিন্তু তাৰ পূৰ্বে ভাৰতীয় এথলিট দলত মোক্ষম আঘাত । তাৰকা মল্লযোদ্ধা বিনেশ ফোগাট আঁঠুৰ আঘাতৰ বাবে এছিয়ান গেমছৰ পৰা বাহিৰ হৈছে ।

এছিয়ান গেমছৰ পৰা আঁতৰিল বিনেশ ফোগাট
Asian Games 2023
author img

By

Published : Aug 15, 2023, 6:53 PM IST

স্পৰ্টছ ডেস্ক, ১৫ আগষ্ট : চীনত অনুষ্ঠি হ'বলগীয়া এছিয়ান গেমছৰ এমাহ পূৰ্বে ভাৰতীয় দলৰ বাবে এক দুঃসংবাদ । এছিয়ান গেমছত পোনপটীয়াভাৱে প্ৰৱেশ লাভ কৰা ভাৰতীয় তাৰকা মল্লযোদ্ধা বিনেশ ফোগাট আঁতৰিল আগন্তুক এছিয়ান গেমছৰ পৰা । মঙলবাৰে ফোগাটে ঘোষণা কৰে যে আঁঠুৰ আঘাতৰ বাবে তেওঁ চীনৰ হাংঝৌত অনুষ্ঠিত হ'বলগীয়া এছিয়া মহাদেশীয় ক্ৰীড়া প্ৰতিযোগিতখনত অংশগ্ৰহণ কৰিব নোৱাৰিব । উল্লেখ্য যে ইয়াৰ পূৰ্বে এছিয়ান গেমছৰ ট্ৰায়েলৰ পৰা বিনেশ ফোগাট আৰু বজৰং পুনিয়াক ৰেহাই দিয়াৰ বাবে তদৰ্থ পেনেলৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি দেশৰ মল্লযোদ্ধাসকলে এক বিতৰ্কৰ সৃষ্টি কৰিছিল ।

বিনেশে এক্সত (পূৰ্বৰ টুইটাৰ) তেওঁৰ আঘাতৰ কথা প্ৰকাশ কৰিছে । "মই এটা অতি বেয়া খবৰ শ্বেয়াৰ কৰিব বিচাৰোঁ । দুদিন পূৰ্বে, ১৩ আগষ্টত অনুশীলনৰ সময়ত মোৰ বাঁও আঁঠুত আঘাত পাওঁ । স্কেন আৰু পৰীক্ষাৰ পিছত চিকিৎসকে কৈছে যে দুৰ্ভাগ্যবশত এই আঘাতৰ একমাত্ৰ চিকিৎসা হৈছে অস্ত্ৰোপচাৰ ।"

বিনেশে কয়, "মই ১৭ আগষ্টত মুম্বাইত এটা অস্ত্ৰোপচাৰ কৰাম । মোৰ সপোন আছিল ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ হৈ যি সোণৰ পদক জয় কৰিছিলোঁ, সেই পদক পুনৰ জয় কৰাটো । কিন্তু দুৰ্ভাগ্যবশত এই আঘাতৰ বাবে মই আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিম ।" তেওঁ লগতে কয় যে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিছে, যাতে পৰিৱৰ্ত খেলুৱৈক এছিয়ান গেমছৰ বাবে প্ৰেৰণ কৰিব পৰা যায় । ইয়াৰ ফলত অন্তিম পাংঘালৰ দলটোত যোগদানৰ পথ পৰিষ্কাৰ কৰিছে । তেওঁ ট্ৰায়েলত জয়ী হৈছে আৰু তেওঁক ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে ।

বিনেশে লগতে লিখিছে, "মই মোৰ সকলো অনুৰাগীকে মোৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছোঁ, যাতে মই সোনকালেই শক্তিশালী হৈ উভতি আহি পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাব পাৰোঁ । আপোনালোকৰ সমৰ্থনে মোক শক্তি প্ৰদান কৰে ।"

লগতে পঢ়ক :IND vs IRE T20 2023 : ১৮ আগষ্টৰ পৰা ভাৰত বনাম আয়াৰলেণ্ডৰ টি-২০ শৃংখলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.