ETV Bharat / sports

অলিম্পিকৰ স্বৰ্ণ পদক জয় নকৰালৈকে হাৰ নামানো : মেৰী কম - অলিম্পিকত স্বৰ্ণ জয় কৰাৰ সপোন পুহি ৰাখিছে মেৰী কমে

অলিম্পিকত স্বৰ্ণ জয় কৰাৰ সপোন পুহি ৰাখিছে মেৰী কমে ৷ এই মন্তব্য বক্সাৰগৰাকীৰ ৷

ছয়বাৰৰ বিশ্ব চেম্পিয়ন
মেৰী কম
author img

By

Published : Apr 1, 2020, 5:14 PM IST

স্পৰ্টছ ডেস্ক, 1 এপ্ৰিল : ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে বুধবাৰে মন্তব্য কৰে যে, অলিম্পিকত দেশক স্বৰ্ণ পদক উপহাৰ দিয়াই তেওঁৰ সপোন ৷ ইয়াৰ বাবে তেওঁ নিজৰ শ্ৰেষ্ঠ প্ৰদান কৰিবলৈ সাজু আছে আৰু এই লক্ষ্যত উপনীত নোহোৱালৈকে যুঁজি যাব বুলি মন্তব্য় কৰে ৷

ছয়বাৰৰ বিশ্ব চেম্পিয়ন
মেৰী কম

উল্লেখ্য যে, এইগৰাকী তাৰকা বক্সাৰে লণ্ডন অলিম্পিক, 2012 ত 51 কে.জি. শাখাত ব্ৰঞ্জ দখল কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু, 2016 চনৰ ৰিঅ' অলিম্পিকত তেওঁ কোৱালিফাই হ'বলৈও সক্ষম হোৱা নাছিল ৷

অলিম্পিকত স্বৰ্ণ জয় কৰাৰ সপোন
মেৰী কমৰ সাফল্য

ভাৰতীয় ক্ৰীড়া পৰিষদৰ (SAI) ফেচবুক লাইভৰ জৰিয়তে মেৰী কমে কয়, "মোৰ লক্ষ্য হৈছে অলিম্পিকত স্বৰ্ণ জয় কৰা ৷ এই বয়সতো মই বহু কষ্ট কৰি আছো ৷ অলিম্পিকলৈ কোৱালিফাই হোৱাটো মোৰ বাবে কষ্টকৰ আছিল ৷"

"বিশ্ব চেম্পিয়নশ্বিপ অথবা অলিম্পিকছত সফলতা লাভ কৰাৰ অন্তৰালত কোনো গোপন মন্ত্ৰ নাই ৷ মই যুঁজি যাম আৰু ভাৰতৰ বাবে অলিম্পিকত এটা স্বৰ্ণ জয় নকৰালৈকে পৰাজয় স্বীকাৰ নকৰো ৷"

বৰ্তমান ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰা বাবে মেৰী কম নিজ গৃহত বাস কৰি আছে ৷

"আছুতীয়া কক্ষত বাস কৰিলেও মই নিজাববীয়াকৈ প্ৰস্তুতি চলাই আছো ৷ মোৰ লক্ষ্যত উপনীত হ'বৰ বাবে মই ফিট হৈ থাকিবলৈ চেষ্টা কৰি আছো ৷ কেতিয়াবা ঘৰত প্ৰস্তুতি চলাবলৈ অসুবিধাৰ সৃষ্টি হ'লেও মই পৰিয়ালৰ সৈতে সময় কটাই আনন্দিত হওঁ ৷"

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে প্ৰদান কৰা নিৰ্দেশাৱলী পালন কৰিবলৈ সকলোকে আহ্বান জনাই 37 বৰ্ষীয় ভাৰতীয় বক্সাৰ গৰাকীয়ে ৷

উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে প্ৰধানমন্ত্ৰীৰ শুশ্ৰুষা নিধিলৈ (PM Cares Fund) এক মাহৰ দৰমহা প্ৰদান কৰে ৷ ইয়াৰোপৰি, তেওঁৰ সাংসদীয় এলেকাৰ উন্নয়ন পুঁজিৰ (MPLADS) পৰাও 1 কোটি টকাৰ সাহাৰ্য মুকলি কৰি দিয়ে ৷

আৰু পঢ়ক :

COVID-19ত আক্ৰান্তক সমাজৰ পৰা পৃথক নকৰিবলৈ আহ্বান শচীন তেণ্ডুলকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.