ETV Bharat / sports

ড’প টেষ্টত নাম সাঙুৰ খাই নিষিদ্ধ হ‘ল এথলিট প্ৰাচী চৌধুৰী

নিষিদ্ধ ঘোষিত হ’ল 4x400 মিটাৰ ৰিলে ৰেছত ৰূপৰ পদক বিজয়ী উত্তৰ প্ৰদেশৰ এথলিট প্ৰাচী চৌধুৰী ৷

author img

By

Published : Mar 5, 2020, 3:27 PM IST

ড’প টেষ্টত নাম সাঙুৰ খাই নিষিদ্ধ হ‘ল এথলিট প্ৰাচী চৌধুৰী
ড’প টেষ্টত নাম সাঙুৰ খাই নিষিদ্ধ হ‘ল এথলিট প্ৰাচী চৌধুৰী

স্পৰ্টছ ডেস্ক, 5 ফেব্ৰুৱাৰীঃ অলিম্পিকৰ পূৰ্বে ভাৰতলৈ দুঃখবৰ ৷ ড’প ষ্টেত সাঙুৰ খালে অলিম্পিকলৈ প্ৰস্তুতি তুংগত ৰখা নেশ্যনেল কেম্পৰ উত্তৰ প্ৰদেশৰ এথলিট প্ৰাচী চৌধুৰী ৷ জাকাৰ্টা এছিয়ান গেমছৰ 4x400 ৰিলে ৰেছত নাম সন্নিৱিষ্ট নোহোৱাৰ বাবেই এথলেটিক ফেডাৰেশ্বন অফ ইণ্ডিয়াক ন্যায়ালয়লৈ লৈ যোৱা প্ৰাচীৰ সংগ্ৰহ কৰা নমুনাত চিন্থেটিক ষ্টেৰইড আক্সেছড্ৰোলন (Synthetic Steroid Oxandrolone ) পোৱা গৈছে ৷ ইয়াৰ পাচতেই নাডাই অস্থায়ী ৰূপে নিষিদ্ধ কৰে খেলুৱৈগৰাকীক ৷ আনহাতে কলকাতা আন্তঃৰাষ্ট্ৰীয় মাৰাথানত স্বৰ্ণ পদকজয়ী কিৰণজিৎ কৌৰো ড’পিঙ টেষ্টত নাম সন্নিৱিষ্ট হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় ফেডাৰেশ্বনে কিৰণজিৎ কৌৰৰ নমুনাত এছএআৰএম পোৱা গৈছে ৷

ৰুথ জেবেট
ৰুথ জেবেট

আনহাতে ইয়াৰ পূৰ্বে 3000 মিটাৰ ষ্টীপলচেজ চেম্পিয়ন ৰুথ জেবেটৰো নাম ড’পিং টেষ্টত সাঙুৰ খাইছে ৷ যাৰ বাবে চাৰি বছৰৰ বাবে নিলম্বিত হৈছে খেলুৱৈগৰাকী ৷ 2017 চনৰ 1 ডিচেম্বৰত ড’পিং টেষ্ট পজিটিভ পোৱা গৈছিল ৷ যাৰ পাচতেই 2018 চনত নিষিদ্ধ ঘোষণা কৰিছিল খেলুৱৈগৰাকীক ৷ 2016 চনত ৰিঅ’ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল ৰুথ জেবেটে ৷

লগতে চাওক- ডাঙৰ খবৰ: আইচিচি মহিলা টি-20 বিশ্বকাপৰ ফাইনেলত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.